Teenager earns Rs 16 lakh monthly by just selling stickers online: মাহে ১৬ লাখ টকা উপার্জন !

british

মাহে লাখ লাখ টকা উপার্জন। দুই, এক লাখ টকা নহয়। ১৭ বছৰীয়া কিশোৰে মাহে ১৬ লাখ টকা উপাৰ্জন কৰি আছে। কম বয়সতে কোটিপতি হৈ পৰিল। ইতিমধ্যে পৰিয়ালৰ দায়িত্ব চম্ভালিছে। সেই দেখি পৰিয়ালৰ লোক সকলো স্তম্ভিত হৈ পৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ১৭ বছৰীয়া কোটিপতি কিশোৰ চাইলেন মেকড ‘নাল্ড ব্রিটেইনৰ বাসিন্দা।

ADVERTISEMENT

আজি তেওঁ ডিজিটেল মার্কেটিঙৰ পথত খোজ দি মাহে লাখ লাখ টকা উপার্জন কৰি আছে। চাইলেনক বৰদিনৰ বাবে মাকে এক উপহাৰ দিছিল। য’ত বিভিন্ন ধৰণৰ স্বীকাৰেৰে ভৰাই থোৱা আছিল। সেই মাকৰ উপহাৰে তেওঁক ব্যৱসায়ৰ ধাৰণাটো দিলে। ইয়াৰ পাছত চাইলেনে ষ্টীকাৰ বিক্ৰী কৰি লাখ লাখ টকা উপার্জন কৰি আছে।

দুবছৰ আগতে চাইলেনৰ মাকে বৰদিনৰ বাবে উপহাৰ দিয়া ষ্টীকাৰবোৰৰ উপৰিও বাকচটোত এটা প্রিন্টিং মেচিন, ডিজিটেল ড্রয়িং এক্সেচবিজৰ গোেট এটা আছিল। পাছত চাইলেনে বস্তুৰে ষ্টীকাৰ বনাবলৈ ধৰিলে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে সেইবোৰ শ্বেয়াৰ কৰি তেওঁ বিপুল সঁহাৰি লাভ কৰে।’ বহুতে কাষ্ট’মাইজড ষ্টীকাৰ বনাবলৈও অনুৰোধ কৰে।

২০২৪ৰ আৰম্ভণিৰ পৰাই তেওঁ প্রতিমাহে কমেও দুশ বাকচ পার্চেল প্ৰেৰণ কৰে। ইয়াত বহুত স্বীকাৰ আছে। সেইবোৰ বিক্ৰী কৰি তেওঁ প্রতিমাহে ১৬ লাখ টকা উপার্জন করি আছে। স্কুলৰ পৰা তিনি ঘণ্টা কাম কৰি চাইলেন কোটিপতি হৈ পৰিল।

Exit mobile version