Daily Horoscope : এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ আজি দিনটো

আপোনাৰ আজিৰ দিনটো কেনেদৰে যাব ?

horoscope new 6

মেষ : দিনটো সাৱধানেৰে চলা ভাল । বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ দিয়ক । ঘৰৰ কামত সহায় কৰক । শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

বৃষ: বন্ধুৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে । বাহ্যিক কর্মত মন দিব লগা হোৱাত আপোনাৰ নিজৰ কৰণীয় কর্মত কিছু এলাহ ভাৱ আহিব পাৰে । দাম্পত্যত মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে । শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

মিথুন: ব্যস্ততা বাঢ়িব । বিদ্যাত মধ্যম। মাতৃ-পিতৃসকলৰ বাবে দিনটো শুভ। শুভ ৰং বগা। শুভ সংখ্যা-৬।

কর্কট: পৰাপক্ষত স্পৰ্শকাতৰ কথা এৰাই চলক। আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব। প্রেমত বাধা। বিয়া-বাৰুৰ যোগ । শুভ ৰং মেৰুণ । শুভ সংখ্যা ২।

সিংহ: ঘৰুৱা ক্ষেত্ৰত সুফল লাভ কৰিব । কৰ্মক্ষেত্ৰত মানসিক অশান্তি হ’ব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

কন্যা: কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব। ধনৰ সদব্যৱহাৰ কৰক । দাম্পত্যত মধ্যম। ৰাজনীতিবিদসকলে। বিশেষভাৱে সতর্ক হওক। শুভ ৰং সেউজীয়া। শুভ সংখ্যা-৫।

তুলা: কিছুমান কথাৰ পৰা নিজকে এৰাই চলক । আপোনাৰ নিজৰ কৰণীয়ৰ প্ৰতি মনোযোগ দিয়ক। নতুন কামৰ প্ৰতি উৎসাহিত হ’ব। শুভ ৰং বগা। শুভ সংখ্যা-৬।

বৃশ্চিক: কর্মক্ষেত্ৰত অসুবিধাৰ মাজেৰে অগ্রগতি লাভ কৰিব। মানসিক অৱস্থা মধ্যম। আশা কৰা কোনো পৰিকল্পনাত উপকৃত হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

ধনু: খৰচ ৰোধ কৰাত যত্ন কৰক। প্রাপ্য ধন আদায়ৰ সুযোগ পাব। বিদ্যাত মধ্যম । প্রেমত সংঘাত হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

মকৰ: দিনটো ভালদৰে পাৰ হ’ব। আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যার্থীৰ বাবে দিনটো শুভ। চুটী ভ্রমণ হ’ব পাৰে। প্রেম-প্রণয়ত উৎসাহ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

কুম্ভ: পুৱা ভাগতকৈ আবেলিটো আপোনাৰ বাবে শুভ । কর্মস্থানত ভালেই । বিদ্যাত শুভ। শৰীৰ মধ্যম। ভ্রমণ কৰিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।

মীন: কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব। বেংকৰ কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ যোগ আছে। প্রেম-প্রণয়ত সাময়িক বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

Exit mobile version