গাহৰি আৰু লাই শাকৰ জুতি কাৰ নো প্ৰিয় নহয়… লাই শাক কিয় খাব লাগে জানেনে ?

লাই শাক

লাই শাক আমাৰ সকলোৰে পৰিচিত । বিশেষকৈ শীত কালত লাই শাক পোৱা যায় । সাধাৰণতে গাঁৱৰ অঞ্চলসমূহত প্ৰতি ঘৰে ঘৰে লাই শাকৰ খেতি কৰা হয় । লাই শাক বুলিলে লাই আৰু গাহৰিৰ জুতি বুলি ক’লে সকলোৰে জিভাৰ পানী পৰে । লাই শাক কেঁচাই খোৱাৰ পৰা মাছ, মঙহ সকলোৰে লগত খাবলৈ সোৱাদযুক্ত হয় । লাই শাক কেইবা প্ৰকাৰো পোৱা যায়। যেনে – সৰু লাই, বৰ লাই, ভোট লাই, চীনা লাই আদি। পিছে আপোনালোকে জানেনে লাই শাক আমি কিয় খাব লাগে ?

– লাই শাকে গাঁঠি আৰু হাড়ৰ শক্তিশালী কৰে ।
– লাই শাক এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ । হাপানি, হৃদৰোগৰ লগতে ৰজোনিবৃত্তিৰ লক্ষণৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে অতিকৈ উপকাৰী ।
– ই শাক খালে কৃমি নাশ কৰে।
– লাই শাকে ভোক বঢ়ায় ।
-কফ হৈ থকা ৰোগীয়ে লাইশাক খালে সুফল পোৱা যায়।
-লাই শাকে খৰ,বেচু আদি ৰোগ ভাল কৰে।
-লাই শাক মধুমেহ ৰোগৰ বাবে উপকাৰী।
-লাই শাক ছালৰ বাবে উপকাৰী।
-লাইশাক খালে ছালৰ বিভিন্ন সমস্যা নিৰাময় হয়।
-লাই শাকে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।
-লাই শাকে কেন্সাৰৰ প্ৰতিৰোধ কৰে।
-লাই শাকে চকুৰ বাবে অতিকৈ উপকাৰী ।
-গৰ্ভৱতী মহিলাৰ বাবে লাই শাক অতিকৈ উপকাৰী ।
-লাই শাকে প্ৰস্ৰাৱৰ পাথৰ প্ৰতিহত কৰাত সহায় কৰে।

 

Exit mobile version