শীত কালত ছালৰ খজুৱটি হয় নেকি !

গৰমৰ তুলনাত শীতকাল ছালৰ আর্দ্রতা হ্ৰাস পোৱাৰ ফলত বহুতো লোকৰে ছালৰ খজুৱটি হয় ।

ছালৰ খজুৱটি

ছালৰ খজুৱটি

গৰমৰ তুলনাত শীতকাল ছালৰ আর্দ্রতা হ্ৰাস পোৱাৰ ফলত বহুতো লোকৰে ছালৰ খজুৱটি হয় । ইয়াৰ উপৰি অত্যাধিক পৰিমাণে চাহ-কফি-সুৰা পান কৰিলে শৰীৰৰ পৰা বেছি পানী বাহিৰ ওলাই যোৱাৰ বাবে ছাল শুকান হ’বলৈ ধৰে। আনহাতে ছালৰ আর্দ্রতাও কমিবলৈ আৰম্ভ কৰে । সেইবাবে ছালৰ মইশ্বাৰ কৰি ৰাখিবলৈ ক্ৰীম অথবা লোশ্যন লগোৱাটো অত্যন্ত জৰুৰী । তাৰ লগতে স্বাস্থ্যসন্মত খাদ্য, প্ৰতিদিনে গা ধোৱা, ছাল সতেজ কৰি ৰখাকৈ প্ৰসাধনৰ ব্যৱহাৰ, ঔষধৰ ব্যৱহাৰ কৰিলে ছালৰ খজুৱতিৰ পৰা কিছু সকাহ পোৱা যায় ।

আমি আপোনালোকলৈ লৈ আহিছো ছালৰ খজুৱটিৰ পৰা প্ৰতিকাৰ পোৱাৰ কিছু টিপছ…

শীতকালত খজুৱটিৰ সমস্যা কমাবলৈ ভজা খাদ্য কমাই খাব।

⇨বেছিকৈ এন্টিঅক্সিডেন্ট আৰু প্রাকৃতিক চর্বিসমৃদ্ধ খাদ্য খাব ।

যেনে- মৌচুমী, আপেল, আখবোট, এমন্ড, এভ’কেডো। অলিভ অইলত ৰন্ধা পাচলি বা ছালাদ খাব। তৈলাক্ত মাছ, হালধীয়া-কমলা-গাঢ় সেউজীয়া ৰঙৰ শাক-পাচলি অত্যধিক পৰিমাণে খাব। তৰল খাদ্যও বেছিকৈ খাব। যেনে- আঠ-১০ গিলাচ পানী, ছ্যুপ, ফলৰ ৰস, গাখীৰ আদি।

⇒ঊণ বা গৰম কাপোৰৰ বাবে খজুৱটি বাঢ়িলে সূতাৰ পোছাকৰ ওপৰত গৰম পোছাক পিন্ধিব। কঠোৰ চাবোন ব্যৱহাৰ নকৰিব ।

⇨গা ধোৱাৰ পাছত তিতা গাত গোন্ধহীন নাৰিকলৰ তেল সানিব। তাৰ পাছত এমগ পানী ঢালি কোমল টাৱেলেৰে লাহে লাহে মচি দিব। মইশ্বাৰাইজাৰ সানিব পাৰে।

⇨ শীতকালত বহুতেই ঠাণ্ডা পানীৰে গা নোধোৱে। গৰম পানীৰে গা ধোৱাৰ ফলত ছাল বেছিকৈ শুকাই যায়। সেয়ে মধ্যম পন্থা গ্রহণ কৰিব।

⇒ দীর্ঘ সময়ৰ স্নানৰ আৰাম ল’ব বিচাৰিলে গৰম পানী ব্যৱহাৰ কৰিব।

Exit mobile version