Biryani : অবিসম্বাদী ৰজা বিৰিয়ানি !

ভাৰতৰ সর্বাধিক জনপ্রিয় খাদ্য বিৰিয়ানি ভাৰতৰ, ছুইগীত প্রতি মিনিটত ১৫৮ টা 'অৰ্ডাৰ', একেৰাহে ন বছৰ শীৰ্ষত

%E0%A7%B1%E0%A6%97%E0%A7%80%E0%A6%97%E0%A6%AC%E0%A7%8B%E0%A6%B2%E0%A6%97

Biryani :

যিয়ে যিহকে নকওক কিয়, ভাৰতীয় খাদ্যৰ অবিসম্বাদী ৰজাৰ স্থান অক্ষুণ্ণ ৰাখিছে বিৰিয়ানিয়ে। বিৰিয়ানিক লৈ বিগত বছৰসমূহত বিভিন্ন বিতৰ্কৰ সৃষ্টি হয় যদিও দেখা গ’ল যে চাউল,মাংস, মিছামাছ আদি যুক্ত এই পুষ্টিকৰ খাদ্যৰ জনপ্রিয়তা অটুট আছে।

এক সমীক্ষা অনুসৰি চলিত বৰ্ষত অনলাইনৰ মাধ্যমৰে ৰন্ধন খাদ্যৰ টোপোলা বিক্রেতা ছুইগীয়ে বিৰিয়ানি যোগানৰ বাবে গ্ৰাহকৰ পৰা আঠ কোটি ৩০ লাখ ‘অৰ্ডাৰ’ পায়। অর্থাৎ প্রতিষ্ঠানটোৱে গড় হিচাপত প্রতি মিনিটত ১৫৮ টাকৈ অৰ্ডাৰ লাভ কৰে। ফলস্বৰূপে বিৰিয়ানিয়ে একেৰাহে ন বছৰ ধৰি ভাৰতীয় খাদ্যৰ ৰজাৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়।

এই ক্ষেত্রত দ্বিতীয় স্থান অর্জন কৰা দক্ষিণ ভাৰতীয় খাদ্য দোহাৰ বাবে ছুইগীয়ে বছৰটোত দুই কোটি ৩০ লাখ ‘অৰ্ডাৰ’হে পায়। ইপিনে, এক প্রতিবেদন অনুসৰি, চলিত বছৰত বাংগালুৰুৰ এজন গ্রাহকে কেৱল পাষ্টাৰ বাবদ ৪৯,৯০০ টকা ব্যয় কৰে।

আনহাতে, নৈশ গুৰু আহাৰৰ ক্ষেত্ৰত ভাৰতত ৰজাৰ স্থান দখল কৰিছে বাহুবলীয়ে। চলিত বর্ষত ছুইগীয়ে ‘বাহুবলী’ যোগানৰ বাবে ২৪ কোটি ৫০ লাখ অৰ্ডাৰ লাভ কৰে। ছুইগী প্রতিষ্ঠান মুকলি হোৱাৰ পৰা এইবাৰ ২৪ শতাংশ বৃদ্ধি পায় বাহুবলী যোগানৰ অৰ্ডাৰ। এইবাৰো বাংগালুৰুৱে খাদ্যৰ ক্ষেত্ৰত ইতিহাস অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। বছৰটোত বাংগালুৰুত ২৫ লাখ মচলা দোছা বিক্রী হয়।

আনহাতে, দিল্লী, চণ্ডীগড় আৰু কলকাতাত নিজ নিজ স্থানৰ পৰম্পৰাগত খাদ্যই জনপ্রিয়তা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। গতিকে দিল্লীত চ’লে, চণ্ডীগড়ত আলু পৰঠা আৰু কলকাতাত কচুৰীৰ জনপ্রিয়তা অক্ষুণ্ণ আছে বুলি সমীক্ষাটোত প্রকাশ পাইছে। আনহাতে, চলিত বর্ষত সবাতোকৈ জনপ্রিয় লঘু আহাৰৰ মৰ্যাদা অর্জন কৰে চিকেন ৰোলে।

বর্ষটোত অনলাইন খাদ্য যোগান তথা প্রতিষ্ঠানে চিকেন ৰোল যোগানৰ বাবে ২০ লাখ ৪৮ হেজাৰ ‘অৰ্ডাৰ’ লাভ কৰে। ১০ লাখ ৬৩ হেজাৰ ‘অৰ্ডাৰ’সহ এই ক্ষেত্ৰত দ্বিতীয় স্থান দখল কৰিছে চিকেন ম’ম’ৱে। তৃতীয় স্থানত থকা আলু ফ্রায়ে ১৩ লাখ অৰ্ডাৰ লাভ কৰে।

ইপিনে, মাজনিশা আহাৰৰ ক্ষেত্ৰত সর্বাধিক জনপ্রিয়তা অর্জন কৰিছে চিকেন বার্গাৰে। নিশা ১২ বজাৰ পৰা দুই বজাৰ ভিতৰত ১০ লাখ ৮৪ হেজাৰ অৰ্ডাৰ চিকেন বার্গাৰে লাভ কৰে। এই ক্ষেত্ৰত দ্বিতীয় স্থানত থাকে চিকেন বিৰিয়ানিয়ে। স্বাভাৱিকতে এনে বতৰা খাদ্যৰসিক সকলে ভাল পাব।

Exit mobile version