মেষ: শাৰীৰিক দিশত দুর্বল অনুভৱ কৰিব। বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তাই সহায় কৰিব। ব্যৱসায়ত মধ্যম। পঢ়া-শুনাত বেয়া নহ’ব। সন্তানৰ শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
বৃষ: কর্মক্ষেত্রত বেয়া নহ’ব। কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলক। বিদ্যার্থীৰ বাবে দিনটো শুভ। প্ৰেমত অস্থিৰতা থাকিব। চুটী ভ্রমণ হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
মিথুন: দিনটো ফৰকাল। বিদ্যাতো কোনো বাধা দেখা নাযায়। কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব। দাম্পত্যত মধ্যম। ব্যৱসায়ত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ১।
কর্কট: শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নোৱাৰি। একাধিক কথাত মন বিক্ষিপ্ত থাকিব। গুৰুত্বপূৰ্ণ কামত প্রগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
সিংহ: দিনটো প্রায় ফৰকাল। শৰীৰো বেয়া নাযাব। দুশ্চিন্তা নকৰাই ভাল। মনৰ মানুহৰ সান্নিধ্য লাভ। দাম্পত্যতো বেয়া নহ’ব। শুভ ৰং সোণালী। শুভ সংখ্যা ৪।
কন্যা: মনটো বেয়া নাযাব। ঘৰুৱা পৰিৱেশো অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। আর্থিকত বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।
তুলা: কর্মক্ষেত্রত বাধা কম পাব। ঘৰুৱা খেলি-মেলিৰ পৰা কিছু উন্নতি। ভ্রমণত জটিলতা নাই। দাম্পত্যতো শুভ। বিদ্যাত মধ্যম ফল পাব। প্ৰেমত হতাশা। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
বৃশ্চিক: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ- অশান্তি দেখা যায়। দাম্পত্যত শুভ। শৰীৰ মধ্যম। ভ্রমণ কৰিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ২।
ধনু: আপোনাৰ স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা থাকিব। ব্যৱসায়ত মধ্যম। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।
মকৰ: কৰ্মতৎপৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব। ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক। শুভ ৰং নীলা। শুভ সংখ্যা ১।
কুম্ভ: কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং বগা। শুভ সংখ্যা ৪।
মীন: কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। বিদ্যাত মধ্যম। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুঃশ্চিন্তা নকৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৯।