Horoscope: আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ’ব

আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ’ব

horoscope new 7

মেষ: বিশেষ কোনো কামত সফলতা লাভ কৰিব । শৰীৰ দুৰ্বল অনুভৱ কৰিব। বিয়লি পাঁচ বজাৰ পিছৰ পৰা চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং বগা।

বৃষ: কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ স’তে সুসম্পর্ক স্থাপন। পৰাপক্ষত যাত্রা নকৰাই ভাল। প্রেমত আনন্দ। শুভ ৰং গোলপীয়া।

মিথুন: সামাজিক কর্মত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। দিনটোত এবাৰ বগা বঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰলৈ যাব। যাত্রা শুভ হ’ব।

কর্কট: কর্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মত বিৰোধ হ’ব পাৰে। যাত্রা কৰিব পাৰে। শুভ ৰং ক’লা।

সিংহ: কন্যা সন্তানৰ প্ৰতি চকু দিয়ক। যাত্ৰা কৰিলে সাৱধানে কৰিব। পাৰিবাৰিক অশান্তিত ভুগিব পাৰে। শুভ ৰং সেউজীয়া।

কন্যা: ব্যৱসায়ত উন্নতি। যোগাযোগত খুব বেয়া নহয়। শুভ ৰং ৰঙা। ৰঙা সুতাৰে হাতত পাঁচ পাক দি মেৰিয়াই লৈ যাত্ৰা কৰিলে সফল হ’ব।

তুলা: কর্মত সফলতা লাভ কৰিব। যাত্ৰা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। যাত্রা শুভ হ’ব। প্রেমত আনন্দ।

বৃশ্চিক: সাংস্কৃতিক কর্মত জড়িতসকলে সফলতা লাভ কৰিব। যাত্রা কৰিলে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। বিদ্যাত শুভ।

ধনুঃ যাত্ৰা কৰিব পাৰে। দিনটো ফৰকাল। শিৱৰ মন্ত্র জপ কৰিব। পাতল নীলা ৰং আপোনাৰ বাবে শুভ। প্রেমত বুজাবুজি।

মকৰ : পুৰণি বন্ধু-বান্ধৱক লগ পাই সুখী হ’ব। ব্যৱসায়ত আয় বৃদ্ধি। ৰঙা ৰঙৰ বস্ত্ৰ তথা সামগ্ৰী ব্যৱহাৰে আপোনাৰ যাত্রা শুভ কৰিব।

কুম্ভ: আর্থিক দিশত বাধাগ্রস্ত হোৱাৰ সম্ভাৱনা অধিক। শুভ ৰং কমলা ৰং। এই ৰঙৰ ব্যৱহাৰ কৰিহে যাত্রা শুভ কৰিব। বিদ্যাত মধ্যম।

মীন: ব্যৱসায়ত দিনটো শুভ । পাৰিবাৰিক দিশতো ভালদৰে পাৰ হ’ব । পুৱা যাত্রা কৰিব পাবে। শুভ ৰং বগা ।

Exit mobile version