শীতকালৰ আগমনৰ লগে লগে প্ৰকৃতিৰ লগতে বায়ুৰ আদ্ৰৰ্তা, উষ্ণতা আদিৰো পৰিৱৰ্তন হয় ৷ বিশেষকৈ ছাল শুকান হোৱা, ওঁঠ ফটা, গোৰোহা ফটা আদি শীতকাল অহাৰ পাছত আৰম্ভ হয় ৷ সেয়েহে ওঁঠৰ ছাল শুকান হোৱাৰ লগে লগে সচেতন হোৱা দৰকাৰ ৷ সেয়েহে ওঁঠ ফাটিলে কি কি কৰিব লাগে আৰু ওঁঠ ফটাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক…
-ওঁঠ ফটা সমস্যা নিৰাময়ৰ বাবে নাৰিকলৰ তেল ব্যৱহাৰ কৰক
-ওঁঠ কেতিয়াও দাঁতেৰে কামুৰিব নালাগে
-ধূমপানৰ পৰা বিৰত থাকিব লাগে
-পৰ্যাপ্ত পৰিমাণৰ পানী আৰু ফলৰ ৰস খোৱাটো ওঁঠৰ বাবে অতি প্ৰয়োজনীয়
-শীতকালত ভিটামিন-C জাতীয় খাদ্য যেনে নেমু, আমলখি, অন্য টেঙাজাতীয় ফল আদি যথেষ্ট খাব লাগে ৷
-পৰাপক্ষত ওঁঠযুৰি চেলেকি নাথাকিব
-শীতকালত ওঁঠ শুকাই যোৱাৰ সমস্যা থাকিলে লিপবাম লগাওক
-নিশা শুবলৈ যোৱাৰ ওঁঠত স্ক্ৰাব ব্যৱহাৰ কৰক