Daily Horoscope: আপোনাৰ দিনটো কেনেদৰে যাব জানি লওক

আপোনাৰ দিনটো কেনেদৰে যাব জানি লওক

horoscope new 7

মেষ: দিনটো সুকলমে পাৰ হ’ব। মানসিক দিশতো অনুকূল দেখা যায়। সা- সম্পত্তিৰ ক্ষেত্ৰত থকা বাধা হ্রাস হোৱাৰ সম্ভাৱনা আছে। কোনো সম্পদ বা সম্মানৰ গৰাকীও হ’ব পাৰে। শুভ ৰং হালধীয়া।

বৃষ: প্রতিকূল সময়ৰ বাবে দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি-কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক। শৰীৰ মধ্যম। বিদ্যাত যত্ন দিয়ক । শুভ ৰং ক’লা।

মিথুন: আজিও খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যবাধকতা হ’লেও ভাবি চিন্তি নিজৰ কাম কৰক। ব্যৱসায়ত শুভ। শুভ ৰং ৰঙা।

কর্কট: এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব। পাৰিবাৰিক দিশত উন্নত। প্রাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধু-বৰ্গৰ সহায় সহযোগ দেখা যায়। পঢ়া-শুনাত মধ্যম। দাম্পত্যত শুভ। শুভ ৰং সেউজীয়া।

সিংহ: দুপৰীয়াৰ পৰা বাধা বিঘিনি কিছু হ্রাস হ’ব পাৰে । বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্ৰৱঞ্চকৰ পৰা ব্যৱসায় বাণিজ্যত সাৱধান। প্রেমত গতানুগতিক। শুভ ৰং কমলা।

কন্যা: শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাবনীয় যোগাযোগত উপকৃত হ’ব। য’তে ত’তে একো মন্তব্য নিদিব। সমগ্র দিনটো আপোনাৰ উৎসাহজনক। শুভ ৰং বগা।

তুলা: আর্থিক দিশত বিশেষ সফল নহ’লেও দুঃশ্চিন্তা নাই। এই ক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি আশান্বিত হ’ব। বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ। শুভ ৰং নীলা।

বৃশ্চিক: খৰচ-পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছু সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব। পঢ়াত মন দিয়ক। দাম্প্যতত দুঃশ্চিন্তা হ’বও পাৰে। শুভ ৰং মেৰুণ।

ধনু: ক্রমে দিনটো কিছু আশাপ্রদ। অৱশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাত মনোযোগ বঢ়াওক। জাতি কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা। শুভ ৰং বগা।

মকৰ: কৰ্মক্ষেত্ৰত চিন্তা হ’ব পাৰে। সৰু-সুৰা কাজিয়াই আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাবে। দাম্পত্যত মধ্যম সময়। শুভ ৰং সেউজীয়া।

কুম্ভ: অস্থিৰ চিন্তা সম্পূর্ণ বর্জন কৰক । শৰীৰ, মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকূল। প্রেমত মধ্যম। শুভ ৰং ক’লা।

মীন: অনুকূল পৰিৱেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। সুসংবাদ লাভ কৰিব পাৰে । দাম্পত্যত বেয়া নহয়, শুভ ৰং হালধীয়া।

Exit mobile version