Daily Horoscope : আজিৰ দিনটোত এইকেইটা ৰাশিৰ জাতক-জাতিকাই খং নিয়ন্ত্ৰণ কৰক

আজিৰ দিনটোত এইকেইটা ৰাশিৰ জাতক-জাতিকাই খং নিয়ন্ত্ৰণ কৰক

horoscope new

মেষ: আর্থিক দিশত অশান্তি হ’ব পাবে। প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে। পৰাপক্ষত নিজ মতামত সমাজৰ আগত নৰখাই ভাল। বিদ্যার্থীৰ বাবে শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃষ: কামত বাধা আহিব পাৰে। অতিৰিক্ত ক্রোধৰ বাবে বিবাদ হ’ব পাৰে। কামৰ সংখ্যা বৃদ্ধি হোৱাত মানসিকভাবে কষ্ট পাব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

মিথুন: নতুন আত্মীয়ক লগ পোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত শান্তি বজাই থাকিব। পেটৰ সমস্যা বাঢ়িব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি। শুভ ৰং কমলা, শুভ সংখ্যা ৪।

কর্কট: আপোনাৰ ভাল ব্যৱহাৰে শত্ৰুৰ সংখ্যা কমাব পাৰে। আনক সহায় কৰিব যাওঁতে নিজে বিপদত পৰিব পাৰে। প্ৰেমৰ দিশত বেছি বেয়া দেখা নাযায়। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৫।

সিংহ: অশান্তিৰ কাৰণে মানসিকভাবে চিন্তা বাঢ়িব পাৰে। ব্যৱসায় ক্ষেত্ৰত আয় বৃদ্ধি হ’ব পাৰে। হাতলৈ টকা-পইচা আহিব যদিও, খৰচ বৃদ্ধি। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

কন্যা: ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। ভ্ৰমণৰ বাবে স্ত্ৰীৰ লগত আলোচনা হ’ব পাৰে। পাবলৈ থকা ধন আজি ঘূৰাই পাব। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

তুলা: বিদ্যার্থীসকলৰ বাবে নতুন পথ মুকলি হ’ব পাৰে। প্ৰেমৰ দিশত অভিমান বৃদ্ধি হ’ব পাৰে। অনৈতিক কোনো কামৰ বাবে অনুতাপ হ’ব পাৰে। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।

বৃশ্চিক: ধর্মীয় অনুষ্ঠানলৈ আগ্রহ বৃদ্ধি হোৱা দেখা যায়। ঘৰত কামৰ বাবে খৰচ বৃদ্ধি হ’ব। ধন-সম্পত্তি লৈ সংসাৰত অশান্তি হ’ব পাৰে। শুভ ৰং কমলা, শুভ সংখ্যা ৩।

ধনু: অতিৰিক্ত ক্ৰোধৰ বাবে কর্মস্থানত বিবাদ হ’ব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। কামৰ যথাযথ মূল্য নাপাব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মকৰ: পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক। পাছলৈ বিপদ হ’ব পাৰে। প্রিয় বন্ধুৰ লগত বিবাদ হ’ব পাৰে। আর্থিক দিশৰ চাপ বৃদ্ধি হ’ব। শুভ ৰং মাখন, শুভ সংখ্যা ৯।

কুম্ভ: মা-দেউতাৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে খৰচ বৃদ্ধি হ’ব। স্নায়ুৰোগ বৃদ্ধি হ’ব পাৰে। ঘৰুৱা দিশত খৰচৰ বাবে বিবাদ হ’ব পাৰে। শুভ ৰং মাটিয়া, শুভ সংখ্যা ১।

মীন: বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। প্ৰেমৰ দিশত শুভ। আর্থিকভাৱে মজলীয়া। শিক্ষাত বেয়া নহয় । শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

Exit mobile version