Health Tips: শীতকালত চৰ্দি-কাহৰ পৰা সকাহ পাবলৈ ৰামদেৱৰ এই ৰেচিপি অনুসৰণ কৰক

শীতকালত চৰ্দি-কাহৰ পৰা সকাহ পাবলৈ ৰামদেৱৰ এই ৰেচিপি অনুসৰণ কৰক

ৰামদেৱ

ৰামদেৱ

পৰিৱৰ্তিত বতৰৰ বাবে এতিয়া কাহ-চর্দি আৰু ভাইৰাছজনিত সংক্রমণ হ’বলৈ ধৰিছে। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু কিছু স্বাস্থ্যসম্মত অভ্যাস গ্ৰহণ কৰি সেইবোৰৰ পৰিহাৰ কৰিব লাগে যদিও স্বামী ৰামদেৱৰ ৰেচিপিৰ সহায়ত সেইবোৰ পৰা পৰিত্ৰাণ পাব পাৰি। স্বামী ৰামদেৱে প্রায়ে ছ’চিয়েল মিডিয়াত মানুহৰ লগত স্বাস্থ্য সম্পর্কীয় টিপছ শ্বেয়াৰ কৰে। শেহতীয়াকৈ তেওঁ নাকৰ পানী ওলোৱা, কাহ আৰু চৰ্দিৰ পৰা সকাহ পাবলৈ আয়ুর্বেদিক বেচিপি ৰামদেৱে এটা শ্বেয়াৰ কৰিছে।

ADVERTISEMENT

এই ৰেচিপটো কি?

স্বামী ৰামদেৱে ভিডিঅ’টোত কৈছে যে পৰিৱৰ্তিত বতৰৰ বাবে চৰ্দিত আক্রান্ত সমস্যা বাঢ়ি যায়। চর্দি-কাহত গাখীৰ পান কৰিলে সমস্যা আৰু অধিক ভয়াবহ হ’ব পাৰে। এনে পৰিস্থিতিত যদি আমি কেঁচা হালধি গৰম গাখীৰত মিহলাই পান কৰো, তেতিয়া আমি চর্দি, কাহ আৰু শৰীৰৰ বিষৰ পৰা সকাহ পাম। লগতে এই গাখীৰ খালে ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী হ’ব। যদি আপুনি এই গাখীৰত কেশৰ মিহলাই দিয়ে তেন্তে এই গাখীৰে কেতিয়াও কফ বৃদ্ধি নকৰে।

এই গাখীৰত চেনি দিব নালাগে। ইচ্ছা কৰিলে অলপ গুড় ব্যৱহাৰ কৰিব পাৰে। শীতকালত গুড় খোৱাতো শৰীৰৰ উপকাৰ হয়। একে সময়তে স্বামী ৰামদেৱে তেওঁৰ এটা ভিডিঅ’ত হাঁপানী ৰোগীৰ বাবে কিছু ঘৰুৱা উপায়ৰ পৰামৰ্শ দিছে, যিবোৰ তেওঁলোকৰ বাবে উপকাৰী হ’ব পাৰে।

স্বামী ৰামদেৱৰ মতে, গুড় আৰু খেজুৰ সেৱন কৰাটো হাঁপানী ৰোগীৰ বাবে উপকাৰী। এই খাদ্যসমূহ সেৱন কৰিলে শ্বাস-প্রশ্বাসজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াৰ বাহিৰেও তেওঁলোকে কাহ আক্রান্ত লোকৰ বাবে আলমণ্ড, ক’লা জলকীয়া আৰু দেশী খান্দ (স্বাদযুক্ত চেনি) মিহলাই মছলা প্রস্তুত কৰে।

স্বামী ৰামদেৱে কৈছে যে এই মছলা দিনটোত দুবাৰকৈ খাব লাগে, এক চামুচকৈ।

Exit mobile version