Human skeleton found in fridge: ২০ বছৰে তলা ওলমি থকা এটা বাসগৃহ, ফ্ৰীজৰ ভিতৰত ওলাল লাওখোলা-নৰকংকাল

২০ বছৰে তলা ওলমি থকা এটা বাসগৃহ, ফ্ৰীজৰ ভিতৰত ওলাল লাওখোলা-নৰকংকাল

Human skeleton found in fridge

বলীউডৰ ভৌতিক চিনেমাৰ দৰে কাহিনী । এটা ভূত বাংলাসদৃশ ঘৰ । ঘৰটোৰ কাষেৰেই পাৰ হৈ গ’লেই এক অজান শিহৰণে কপাঁই তোলে । বিগত বিশ বছৰ ধৰি এটা মামৰে ধৰা তলা ওলমি আছে ঘৰটোৰ দুৱাৰমুখত । প্ৰায়েই ঘৰটোৰ সন্মুখেৰে পাৰ হৈ গ’লেই কেচেমা কেচেম গোন্ধত নাক কোঁচাই স্থানীয় লোকে । কেৱল ইমানেই নহয় ঘৰটো বন্ধ হৈ থকাৰ সুযোগ লৈ কিছু লোকে ইয়াত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যকলাপ সংঘটিত কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে ।

ইয়াৰ পিছতেই মঙলবাৰে স্থানীয় লোকৰ তৎপৰতাত ঘৰটোৰ তলা খোলে স্থানীয় আৰক্ষীৰ এটা দলে । আৰক্ষীয়ে ঘৰটোৰ ভিতৰত থকা ফ্ৰীজটো খোলাৰ লগেই লগেই হতবাক হৈ পৰে । ফ্ৰীজটোৰ ভিতৰত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত এটা লাওখোলা আৰু নৰকংকাল উদ্ধাৰ কৰে । কেৰালাৰ কোচিৰ চোত্তানিকৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

লগে লগে অঞ্চলটোত হুলস্থুলীয়া পৰিৱেশৰ উদ্ভৱ হয় । জানিব পৰা অনুসৰি, কোচিৰ চোত্তানিকৰাৰ এৰুভেলি পেলেচ চ’কৰ সমীপৰ ১২ একৰ ভূমিত অৱস্থিত জয়াল ঘৰটোত সম্প্ৰতি কোনো লোক বাস নকৰে । এই বাসগৃহটো কোচিত বহু বছৰ ধৰি বাস কৰা চিকিৎসক মংগালাছেৰী ফিলিপ জনৰ আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ঘৰটোত অসামাজিক কাৰ্যাকলাপ হৈ থকা বুলি সন্দেহ কৰিছিল স্থানীয় লোকে। গাঁওখনৰে পঞ্চায়তৰ এগৰাকী সদস্যই ঘৰটোত চলা অসামাজিক কাৰ্যাকালাপ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল।

মঙলবাৰে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ঘৰটো পৰিদৰ্শন কৰা সময়তে এটা ফ্ৰীজৰ ভিতৰত এটা কংকাল আৰু এটা মূৰৰ লাওখোলা উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহটোৰ বয়স এতিয়াও নিৰ্ণয় কৰিব পৰা নাই আৰক্ষীয়ে। মৃতদেহটোৰ মেৰুদণ্ডকে ধৰি হাড়বোৰ অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা মূৰৰ খোলাটো বহু বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে।

ঘটনাস্থলীত চোত্তনিকৰা এছ এইচ অ’ৰ নেতৃত্বত আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোৰ চৌহদটো ছীল কৰি দিছে। এই ঘটনাৰক পিছতেই আৰক্ষীয়ে ঘৰটোৰ স্বতাধিকাৰী চিকিৎসকজনক সোধা-পোছা কৰিছে । ঘৰটোত উদ্ধাৰ কৰা লাওখোলাটো কাৰ, কোনে থলে এই সন্দৰ্ভত বহুতো প্ৰশ্নৰ অৱতাৰণা হৈছে ।

Exit mobile version