Rhinos roam free in khetri Durung:
পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গড়ে মঙলবাৰে পুৱাতে ক্ষেত্ৰীৰ নিকটৱৰ্তী দুৰুঙত মুক্ত ভাবে বিচৰণ কৰাত অঞ্চলটিত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ । প্ৰকাণ্ড মতা গড়টোৱে দুৰুঙৰ পথাৰৰ লগতে গাওঁবাসীৰ বাসস্থানৰ কাষতে অৱস্থাত কৰাত গঞাই আতংকিত হৈ খবৰ দিয়ে বন বিভাগ আৰু আৰক্ষীক৷
ঘটনাৰ খবৰ পোৱা মাত্ৰকে বনবিভাগৰ লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুটীয়াভাৱে গড়টোক অভয়াৰণ্যলৈ উভতাই পঠাবলৈ চেষ্টা চলায়। অৱশ্যে কিছু সময়ৰ পিছত গড়টো কলং নৈ পাৰ হৈ মৰিগাঁও দিশে যায়। আনহাতে গড়টোৰ অৱস্থিতিৰ সন্দৰ্ভত বনবিভাগে অব্যাহত ৰাখিছে বিশেষ নজৰ ৷ নজৰ অব্যাহত ৰাখিছে।