এতিয়াৰ পৰা টিভি চাবলৈ আপুনি ভৰিব লাগিব অধিক ধন । চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা সকলো টিভি ব্ৰডকাষ্টাৰ্ছে চেনেলৰ মূল্য বৃদ্ধি কৰাৰ ঘোষণা কৰিছে।
টিভি ব্ৰডকাষ্টাৰে দাবী কৰিছে যে কণ্টেণ্ট কাষ্টত ধাৰাবাহিকভাৱ খৰচ বৃদ্ধি হৈ আছে, কিন্তু বিজ্ঞাপনৰ পৰা হোৱা উপাৰ্জন কমিছে। এনে অৱস্থাত ব্ৰডকাষ্টাৰে মিলি টিভি চেনেলৰ দাম বঢ়োৱাৰ ঘোষণা কৰিছে, কিয়নো অ’টিটিৰ ৰ সময়ত টিভিৰ কণ্টেণ্ট কোৱালিটী ভাল কৰি ৰখাত সমস্যা বৃদ্ধি হৈছে । লগতে কোম্পানীৰ অপাৰেটিং কাষ্টৰ খৰচো বাঢ়িছে।
এক ৰিপ’র্ট অনুসৰি, টিভি ব্ৰডকাষ্টাৰ্ছ ছোনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়া (SPNI) আৰু জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেজ (ZEEL)ৰ ফালৰ পৰা চেনেলৰ পেকেজৰ দাম ১০ শতাংশৰ অধিক বৃদ্ধি কৰাৰ ঘোষণা কৰা হৈছে। লগতে জিঅ’ষ্টাৰেও নিজৰ চেনেলৰ পেকেজৰ দাম বৃদ্ধি কৰাৰ ইংগিত দিছে। এনে অৱস্থাত শীঘ্ৰে জিঅ’ ষ্টাৰৰ চেনেল পেকৰ দাম বাঢ়িব পাৰে। ছোনী পিকছাৰ্চ নেটৱৰ্কছ ইণ্ডিয়া (SPIN)ই নিজৰ চেনেল পেক হেপ্পী ইণ্ডিয়া স্মাৰ্ট হিন্দী পেকৰ দাম ৪৮ৰ পৰা বৃদ্ধি কৰি ৫৪ টকা কৰা হৈছে। জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেজৰ ফেমিলী পেক হিন্দী SDৰ দাম ৪৭ টকাৰ পৰা বৃদ্ধি কৰি ৫৩ টকা কৰা হৈছে। এই পেকত ইংলিছ এণ্টাৰটেইনমেণ্ট চেনেল জী কেফেক সংলগ্ন কৰা হৈছে।