Guwahati Incident: মহানগৰীৰ ৰুক্মিণীগাঁৱত চাঞ্চল্য

ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ , কেইদিনমান পূৰ্বেই মৃত্যুৰ সন্দেহ আৰক্ষীৰ

WhatsApp Image 2025 01 10 at 3.02.20 PM

Guwahati Incident:

মহানগৰীত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ ৷ ৰুক্মিণীগাঁও ৰংগমঞ্চ পথৰ এটা ভাড়াঘৰৰ বিছনাত শুই থকা অৱস্থাত উদ্ধাৰ হয় যুৱতী এগৰাকীৰ মৃতদেহ ৷

মৃত যুৱতী গৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ বুলি জানিব পৰা গৈছে ৷ তেওঁ ডেৰমাহ পূৰ্বে ৰুক্মিণীগাঁৱৰ ৰংগমঞ্চ পথত ভাৰাঘৰ লৈছিল ৷ কৰ্মৰত হৈ আছিল লেকমি কোম্পানীত ৷ একেদৰে গুৱাহাটীৰ এখন শিক্ষানুষ্ঠানতো অধ্যয়ন কৰি আছিল বিপ্লৱী।

ইতিমধ্যে দিছপুৰ আৰক্ষী ভাড়াঘৰটোত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। ভাড়াঘৰটোৰ গৰাকীয়ে আৰক্ষীক জানিব দিয়া মতে বুধবাৰে নিশাৰে পৰা বিপ্লৱীৰ ম’বাইল বন্ধ আছিল।

আনহাতে বৃহস্পতিবাৰে নিশা প্ৰায় দহমান বজাত বিপ্লৱীক কোঠাৰ বাহিৰৰ পৰা ভাড়াঘৰৰ মালিকনীয়ে কে’বাবাৰো নাম ধৰি মতাৰ পিছতো কোনো সহাৰি নেপালে । পিছত দুৱাৰ খন হেচুকি দিয়াত খোল খাই দুৱাৰখন। তাৰ পিছত কোঠাৰ ভিতৰত দেখা পাই যে কম্বল লৈ শুই আছে বিপ্লৱী ৷ মালিকনীয়ে মাত দিয়াৰ পিছত কোনো সহাৰী নোপোৱাত দিছপুৰ থানাত খবৰ দিয়ে ৷ নিশাই আৰক্ষী আহি নিশ্চিত হয় যে বিপ্লৱী ইতিমধ্যেই মৃত্যু হৈছে ৷

দিছপুৰ আৰক্ষীয়ে সন্দেহ কৰা মতে চাৰি- পাঁচ দিন পূৰ্বেই মৃত্যু হৈছিল বিপ্লৱীৰ ৷ মৃত্যুৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ আজি গুৱাহাটীলৈ অহা কথা বিপ্লৱীৰ পিতৃ- মাতৃ জ্যেষ্ঠ ভগ্নী ৷

উল্লেখ্য যে, ভাড়াঘৰৰ মালিকনীৰে আজি বিপ্লৱীৰ আছিল চুক্তি ৷ সেই অনুসৰি পিতৃ-মাতৃক গুৱাহাটীলৈ মাতি পঠাইছিল ৷ কিন্ত ঘৰৰ মানুহ অহাৰ পূৰ্বে ৰহস্যজনকভাৱে বিপ্লৱীৰ নিথৰ দেহ উদ্ধাৰ হয় ভাড়াঘৰৰ বিছনাত ৷ আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিমচিএইছলৈ প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ প্ৰতিবেদনতহে আহিব বিপ্লৱীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ৷

Exit mobile version