ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি হৈছে অপৰাধৰ সংখ্যা । সম্প্ৰতি মদ,ভাং, ড্ৰাগছ আৰু জুৱাই একাংশ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘটনা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপনৰ সময়তে এবিএমছুৱে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে । শনিবাৰে চিৰাঙৰ কাজলগাঁৱৰ শালযোৰাত বিভিন্ন অসামাজিক কাৰ্যকলাপ মদ,ভাং, ড্ৰাগছ আৰু জুৱাৰ বিৰুদ্ধে এবিএমছুৱে এক বিশাল সজাগতা সভাৰ আয়োজন কৰে ।
এই সভাত এবিএমছুৰ সভাপতি টাইছন হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থাকে । তেওঁ নিজৰ ভাষণত বৰ্তমান সমাজখনত সংঘটিত হৈ থকা সমাজৰ সৰ্বস্তৰৰ অসামাজিক কাৰ্যকলাপ কঠোৰ হাতেৰে দমন কৰিবলৈ পোষকতা কৰে । অন্যথা যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহলৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। বিভিন্ন সময়ত আৰক্ষীৰ হাতৰ পৰা অপৰাধী পলায়ন কৰা বুলি কৈ আৰক্ষীয়ে এনকাউন্টাৰ কৰে বুলি অভিযোগ কৰে।
ছাত্ৰ নেতাজনে লগতে কয় যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সংখ্যালঘুসকলৰ মনত ভয়ৰ চাদৰ মেৰিয়াই দিছে বুলি অভিযোগ উত্থাপন কৰে ।
এই অনুষ্ঠানত কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মনি দাস উপস্থিত থাকি এবিএমছুক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাজত চলি থকা অসামাজিক কাম-কাজ বন্ধৰ কৰাৰ বাবে আহ্বান জনায়। লগতে ভিতৰৰ অঞ্চলতসমূহত চলি থকা অসামাজিক কাৰ্যকলাপ, বাল্য বিবাহ, নিষিদ্ধ ড্ৰাগছ আদি বন্ধ কৰাৰ বাবে অধিক গুৰুত্ব দিবৰ বাবে আহ্বান জনায় দল সংগঠন আৰু সমাজখনক নেতৃত্ব দিয়া ব্যক্তিসকলক।