Delhi Cold: মৃত্যুদূতলৈ পৰিণত হৈছে ঠেটুৱৈ লগা শীত, প্ৰচণ্ড ঠাণ্ডাত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু

Delhi Cold: মৃত্যুদূতলৈ পৰিণত হৈছে ঠেটুৱৈ লগা শীত, প্ৰচণ্ড ঠাণ্ডাত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু

Delhi Cold

Delhi Cold

দেশৰ ভিন্ন প্ৰান্তত শীতৰ প্ৰকোপে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । তাৰ ভিতৰত ব্যতিক্ৰম নহয় দিল্লী । এইবাৰ দিল্লীত ঠেটুৱৈ লগা শীতে ঘাতকলৈ পৰিৱৰ্তিত হৈছে । ঠাণ্ডাৰ ফলত ১৫ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ দিল্লীত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু হৈছে এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ।

চেণ্টাৰ ফৰ হোলিষ্টিক ডেভেলপমেণ্ট (CHD)ৰ কাৰ্যবাহী সঞ্চালক সুনীল কুমাৰ আলেদিয়াই দিল্লীৰ মুখ্য সচিব ধৰ্মেন্দ্ৰ সিং আৰু দিল্লী নগৰ আশ্ৰয় উন্নয়ন ব’ৰ্ডৰ (DUSIB) মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন পত্ৰৰ জৰিয়তে ৰাজধানী চহৰখনত ঠাণ্ডাৰ ফলত মৃত্যু হোৱা লোকসকলৰ তথ্য প্ৰদান কৰে । তেওঁ লগতে পত্ৰখনত মৃত্যুক প্ৰতিহত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে । গৃহহীন লোকসকলক আৱাস আৰু আৰ্থ-সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবেও দাবী উত্থাপন কৰা হৈছে পত্ৰখনত ।

আৰক্ষীৰ তথ্য অনুসৰি, এতিয়াও মৃত্যু হোৱা বেছিভাগ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। আলেদিয়াই পত্ৰখনত এইটোও লিখিছে যে ঠাণ্ডাৰ ফলত গৃহহীন লোকসকলৰ মৃত্যু প্ৰতিহত কৰিবলৈ অধিক আশ্ৰয় গৃহ আৰু কাপোৰৰ ব্যৱস্থা কৰিব লাগে ।

আলেদিয়াই লগতে পত্ৰখনত উল্লেখ কৰে যে, শীতকালটো দিল্লীৰ গৃহহীন লোকসকলৰ বাবে ‘মৃত্যুদূত’ হিচাপে প্ৰমাণিত হ’ব নালাগে। এই প্ৰচণ্ড শীতে গৃহহীন লোকসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে, যাৰ ফলত মৃত্যু আৰু ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছে । পদপথত বাস কৰা লোকসকলৰ বাবে শীতকালটো নিদ্ৰাহীন নিশা আৰু ত্ৰাসলৈহে পৰিণত হৈছে ।

Exit mobile version