Magh Bihu:ঢেঁকীৰ নহয়, বেৰিয়া মিলৰ পিঠা গুড়িৰেহে যেন বিহু আহে

Magh Bihu: এটা ৫৫ বছৰীয়া মিলৰ কথা

mari

‘ঢেঁ‌কীৰ মাততহে বিহু আহে ‘ বুলি অসমীয়াত এষাৰ কথা আছে I এই বাক্যশাৰীৰ সত্যতা নিশ্চয় আছে । বিশেষকৈ বিহুৰ বতৰত গ্ৰামাঞ্চলত ঘৰে ঘৰে ঢেঁ‌কীৰ মাত শুনা যায় । ঢেঁ‌কীৰ মাতেৰে কঁ‌পাই তোলা হয় প্ৰতিটো চুবুৰী । বুজা যায় বিহু পালেহি , ৰাইজে পিঠা খুন্দিছে । পিছে নগৰ অঞ্চলৰ আজিকালি ঢেঁ‌কী পাবলৈ নাই । কিছু সংখ্যকে উৰালতে পিন্ধা খুন্দে । একাংশই মিক্সিও ব্যৱহাৰ কৰে পিঠা খুন্দিবলৈছ, কিন্তু সেয়াও সীমিত । গতিকে পিঠা খুন্দা মিলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় নগৰাঞ্চলৰ অধিকাংশ লোকে । মৰিয়নিত থকা এটা প্ৰায় ৫৫ বছৰীয়া পিঠা খুন্দা মিলে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বিশেষকৈ বিহুৰ বতৰত মিলটোৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাই । মৰিয়নি নগৰৰ দুই নম্বৰ ৱাৰ্ডৰ মাছ বজাৰৰ সমীপত অৱস্থিত মিলটোৰ নাম ‘বেৰিয়া ৰাইচ এণ্ড ফ্লোৰ মিল’ ।

মানুহৰ মাজত ‘বেৰিয়া মিল’ নামেৰে জনাজাত এই মিলটো । এতিয়া এনে লাগে যেন বেৰিয়া মিলত পিঠা খুন্দালেহে বিহু আছে । উল্লেখযোগ্য যে, একালৰ ব্যৱসায়ী প্ৰয়াত দীপসেন বেৰিয়াই ১৯৭০ চনতে এই মিলটো স্থাপন কৰিছিল । সেই সময়ত মৰিয়নিত জনবসতি যথেষ্ট কম থকাৰ পিছতো ৰাইজৰ সুবিধাৰ বাবেই প্ৰয়াত বেৰিয়াই এই ধান খুন্দা কল আৰু আটা মিলটো স্থাপন কৰিছিল । কালক্ৰমত মৰিয়নিৰ এটা সম্পদ হৈ পৰে এই মিলটো । ইয়াৰ পিছত নগৰখনত আন কেবাটাও তেনে মিল স্থাপন কৰা হয় যদিও বেৰিয়া মিলৰ জনপ্ৰিয়তা আৰু গুৰুত্ব অটুত থাকে । ২০০৪ চনত দীপসেন বেৰিয়াৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ সুযোগ্য পুত্ৰ, সমাজকৰ্মী- ব্যৱসায়ী অৰুণ বেৰিয়াই দায়িত্ব লয় মিলটোৰ । মাৰোৱাৰী সম্প্ৰদায়ৰ হ’লেও অৰুণ বেৰিয়াৰ অসমীয়া জাতীয়তাবাদ শলাগিবলগীয়া । তেওঁ অসম আন্দোলনৰ সৈতে প্ৰত্যক্ষ ভাৱে জড়িত আছিল । অৰুণ বেৰিয়াই মিলটোৰ দ্বায়িত্ব লোৱাৰ পিছত মিলটো দক্ষতাৰে পৰিচালনা কৰিবলৈ লয় । কিন্তু মিলটোৰ তেতিয়াৰ ফিটাযুক্ত মেচিনৰ বিভিন্ন কাৰণত কাৰিকৰী কিছু অসুবিধা হ’বলৈ ধৰে । তাৰোপৰি ৰাইজৰ মাজত মিলৰ প্ৰয়োজনীয়তাও হয়তো কিছু কমি আহিবলৈ ধৰে । অৱশেষত বেৰিয়া দম্পতীয়ে কেইবছৰমানৰ পূৰ্বে মিলটো পুনৰ্নিৰ্মান কৰাৰ সিদ্ধান্ত লয় আৰু সেই অনুসৰি পুনৰ নিৰ্মান কৰি বিগত বৰ্ষৰ পৰা নতুনকৈ আৰম্ভ কৰে । আধুনিক ৰূপত গঢ়ি তোলা হয় মিলটো ।

বৰ্তমান বেৰিয়া দম্পতীৰ হৈ অৰুণ বেৰিয়াৰ সহধৰ্মিণী সুমিত্ৰা বেৰিয়াই মিলটো পৰিচালনা কৰে । কেৱল মৰিয়নিৰেই নহয় কৰঙা, বাহনি, গজপুৰীয়া, নকছাৰি, চিনাতলী, নগাধুলি আদি বহু ঠাইৰ পৰা এই মিলটোত সামগ্ৰী খুন্দাবলৈ বা কুটাবলৈ আহে । বিহুৰ বতৰত মিলটোত যথেষ্ট ভীৰ হোৱা দেখা যায় । বিশেষকৈ পিঠা খুন্দাবলৈ আহ লোকৰ যথেষ্ট ভীৰ হয় । এইবাৰো ব্যতিক্ৰম হোৱা নাই । মিলটোৰ অপাৰেটৰ আছে যদিও বেৰিয়া দম্পতীও ব্যস্ততাৰে হাতে কামে লাগি আছে । এই সন্দৰ্ভত অৰুণ বেৰিয়া আৰু সুমিত্ৰা বেৰিয়াই কয়- এই মিলটোত এটা আৱেগ জড়িত হৈ আছে । ইয়ালৈ গাঁ‌ৱৰ মানুহ আহে । দেউতাৰ দিনৰ বহু মানুহো ইয়ালৈ আহে । কিন্তু মিলটোৰ পৰা আমাৰ একো লাভ হোৱা নাই । মিলটো চলাই লোকচানৰ সন্মুখীন হৈ আহিছোঁ । সেইসকল লোকৰ মুখলৈ চাই মিলটো খুলি থৈছোঁ । ইয়াত লাভ লোকচানৰ কথা নাহে । আনকি কাৰেন্টৰ বিল দিবলৈকে পইচা নোলায় । তথাপি মিলটো বন্ধ কৰিব পৰা নাই । তেওঁলোকে লগতে কয়- আমাৰ বেয়া দিনৰ সময়ত এই মিলটোৱে আমাক যথেষ্ট সহায় কৰিছিল । আনকি, ল’ৰা কেইটাৰ স্কুলৰ ফীজও এই মিলটোৰ পৰা ওলোৱা পইচা গোটাই মেলি দিব লগীয়া হৈছিল । সেয়েহে বেলেগ এটা মোহ আছে মিলটোৰ প্ৰতি । মিলটোক পৰালৈকে চলাই যাম বুলিও তেওঁলোকে লগতে উল্লেখ কৰে । প্ৰসংগক্ৰমে দুয়ো ৰসিকতা কৰি কয়- এনে কিছু সংখ্যক ব্যক্তিও আছে, যিয়ে ‘ঐ অৰুণ মিলটো খোল’ বুলি মৰমত দাবী কৰে । মিলটো কিবা কাৰণত বন্ধ কৰি থ’লেও তেওঁলোকে কিয় বন্ধ কৰিছ, আমি এতিয়া ক’ত পিঠা খুন্দিম বুলি ওলোটাই প্ৰশ্নহে কৰে । সেইসকল লোকৰ মৰমক নেওচা দি আৰু তেওঁলোকৰ কথা ভাবিও মিলটো বন্ধ কৰিব নোৱাৰা হৈছো বুলিও বেৰিয়া দম্পতীয়ে লগতে জানিবলৈ দিয়ে । সম্প্ৰতি মিলটোত পিঠা খুন্দাৰ লগতে হালধী, চিৰা, আটা আদিও খুন্দা হয় । উল্লেখযোগ্য যে, মৰিয়নি নগৰত বেৰিয়া মিলৰ বাদে বেলেগ পিঠা খুন্দা মিল নাই । সেয়েহে এই মিলটোৰ গুৰুত্ব আছে । বিহুৰ দিনত পিঠাকেইটা খুন্দিবলৈ বুলিয়েই বেৰিয়া মিল অবিৰত চলি থাকক ।

Exit mobile version