Buffalo Fight ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও একাধিক স্থানত ম’হ যুঁজ সম্পন্ন

14

Buffalo Fight : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞাৰ পাছতো লোকবিশ্বাস আৰু পৰম্পৰাক শ্ৰদ্ধা জনাই বুধবাৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি মাঘৰ প্ৰথম দিনটোতেই মৰিগাঁৱৰ আঁহতগুৰি আৰু বৈদ্যবৰীত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’য় বহু চৰ্চিত ম’হ যুঁজ।

আঁহতগুৰিৰ লগতে বৈদ্যবৰীত সমিতিবিহীনভাৱে আয়োজন কৰা ম’হ যুঁজ স্থলীত প্ৰায় অৰ্ধ শতাধিক গোনা ম’হৰ থৈয়া- নথৈয়া যুঁজত কম্পমান হ’ল ম’হ যুঁজ ক্ষেত্ৰ। ৫৩ বৰ্ষত ভৰি দিয়া আঁহতগুৰি আৰু ৭৬ বৰ্ষত ভৰি দিয়া বৈদ্যবৰী ম’হ যুঁজ ন্যায়ালয়ৰ বাধা থকাত উলহ-মালহেৰে ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰাত একাধিক ম’হৰ গোৱালে পৰম্পৰাগত ৰক্ষা কৰি অনানুষ্ঠানিকভাৱে এইবেলি অনুষ্ঠিত কৰা ম’হৰ যুঁজত হেজাৰ হেজাৰ ৰাইজে যুঁজ উপভোগ কৰে।

 

উল্লেখ্য যে অসমত জীৱ-জন্তুৰ মাজত আয়োজিত যুঁজৰ ইতিহাস বহু পুৰণি। ছশ বছৰীয়া আহোম ৰাজত্বকালৰে পৰা ম’হযুঁজে ভোগালী বিহুৰ সময়ত মধ্য অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই প্ৰথমবাৰৰ বাবে সূচনা হোৱা এই যুঁজৰ লগতে হাতী যুঁজ, কুকুৰা যুঁজ, শেন মেলা আদি খেল এইগৰাকী ৰজাই আৰম্ভ কৰিছিল। ইয়াৰ বাবেই ৰংঘৰ সজা হৈছিল।

বাঁহী আলোচনীত অসমৰ ম’হ যুঁজৰ পৰম্পৰাৰ কথা উল্লেখ কৰা হৈছিল যদিও দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৪ত দিয়া এটা ৰায়দানৰ বাবে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও মৰিগাঁৱত মুকলিকৈ যুঁজ পাতিবলৈ পৰা নগ’ল। আনহাতে, ন্যায়ালয়ৰ বাধা সত্ত্বেও মৰিগাঁৱৰ আঁহতগুৰি আৰু বৈদ্যবৰীত বুধবাৰে পৰম্পৰা ৰক্ষা কৰি একাধিক ম’হৰ গোৱালে অনুষ্ঠিত কৰা ম’হযুঁজ ক্ষেত্রতো গোনা ম’হৰ যুঁজে হেজাৰ হেজাৰ ম’হযুঁজপ্রেমী ৰাইজক মনোৰঞ্জন দিবলৈ সক্ষম হয়।

Exit mobile version