Jonbeel Mela:
তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱৰ জোনবিলৰ পাৰত অনুষ্ঠিত ইতিহাস প্রসিদ্ধ গোভাৰাজ্যৰ জোনবিল মেলাত হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে। কাজেই মেলাথলীত এক অভূতপূর্ব পৰিৱেশৰ সৃষ্টি হয়। পৰহিৰ পৰা আৰম্ভ হোৱা পাহাৰ-ভৈয়াম, জাতি- জনগোষ্ঠীৰ লোকৰ সম্প্রীতি তীর্থলৈ পর্যবসিত হোৱা জোনবিল মেলাত আজি প্রাচীন গোভা ৰাজ্যৰ সংস্কৃতি পুনৰ উজলি উঠে।
পুৱা পাঁচ বজাতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে জোনবিল মেলাৰ পৰম্পৰাগত বিনিময় প্রথা পর্ব উদ্বোধন কৰি দ্বিতীয়দিনাৰ কাৰ্যসূচী আৰম্ভ কৰে। আধুনিক মুদ্রা প্রচলনে বিলুপ্ত কৰা চতুৰ্দশ শতিকাৰ বিনিময় প্রথা পুনৰ জিলিকি উঠে সম্প্ৰীতিৰ বাণী বিলোৱা এই মেলাত। পাহাৰীয়া ৰাইজে এই মেলালৈ আহি নিজে পাহাৰত উৎপাদন কৰা কচু, আলু, আদা, হালধি, জালুক, জলকীয়া, কোমোৰা, গন্ধক আৰু শুকান মাছ আদি সামগ্রী ভৈয়ামৰ লোকসকলে তৈয়াৰ কৰা লাডু, পিঠা, পিঠাগুড়ি আদিৰ স’তে বিনিময় কৰে।
আজি জোনবিল মেলাত পৰম্পৰাগত সমূহীয়া মাছ মৰা পর্বও অনুষ্ঠিত হয়। ইয়াৰ পাছতে গোভা ৰজা দীপসিং দেওৰজা আৰু পাটনীয়া ৰজা ভদ্রসিং দেওৰজাৰ লগত মধ্য অসমৰ তিৱা ৰজাসকলৰ মেলালৈ আগমন ঘটে। তদুপৰি পুৱাৰ সময়ছোৱাত মেলাত তিৱা লোকনৃত্য প্রদর্শন কৰা হয়। সংগীত নাটক অকাডেমীৰ সঞ্চালক অৰূপ বৰদলৈৰ নেতৃত্বতো সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত কে’বাজনো বিশিষ্ট ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়। আজি নিশাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
ইপিনে, আজি পুৱাৰ পৰা মেলাথলীলৈ অগণন লোকৰ আগমন ঘটে। ফলত মেলাথলীত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে মেলাথলীৰ বিনিময় প্রথা প্রত্যক্ষ কৰে। আনহাতে, জোনবিল মেলাক কেন্দ্ৰ কৰি মেলাৰ চৌদিশে এক বৃহৎ বজাৰ বহিছে। এই বজাৰত অসংখ্য লোকৰ সমাগম ঘটাত চৌদিশে ধূলিময় পৰিৱেশৰ সৃষ্টি হয়। আজি নিশালৈকে এই বজাৰ চলি থাকে। কাইলৈ এইবাৰৰ জোনবিল মেলাৰ সামৰণি পৰিব। পৰহি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই জোনবিল মেলাৰ ‘ৰাজদৰবাৰ’ত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিছিল ।