UGC journal cancelled: ইউজিচিৰ পত্রিকা তালিকা বাতিল

মুনাফা লোভীয়ে জাল পেলোৱাৰ আশংকা: সমগ্র দেশৰ বৌদ্ধিক সমাজত প্ৰতিক্ৰিয়া

What is UGC

UGC journal cancelled: ইউজিচিৰ পত্রিকা তালিকা বাতিল

মুনাফা লোভীয়ে জাল পেলোৱাৰ আশংকা: সমগ্র দেশৰ বৌদ্ধিক সমাজত প্ৰতিক্ৰিয়া

বিশ্ববিদ্যালয় মঞ্জুৰি আয়োগ (ইউজিচি)-এ ইয়াৰ নিৰ্বাচিত পত্রিকা তালিকা বাতিল কৰাৰ তথ্য পোহৰলৈ আহিছে। আয়োগৰ এই কাৰ্যক লৈ সমগ্ৰ দেশৰ বৌদ্ধিক সমাজ স্তম্ভিত হৈছে।

ইউজিচিৰ এই কাৰ্যই দেশৰ বিশ্ববিদ্যালয়সমূহৰ মান বিশ্বত হ্রাস কৰাৰ আশংকা কৰিছে একাংশই। লক্ষ্যণীয় যে ইউজিচিৰ ‘কনছ’র্টিয়াম ফ’ৰ একাডেমিকছ এণ্ড ৰিচাৰ্ছ এথিক্স’ (কেয়াৰ) শীর্ষক এক তালিকাত একাংশ পত্রিকা বা আলোচনী অন্তর্ভুক্ত হৈ আছে।

সহকাৰী অধ্যাপক আৰু সহযোগী অধ্যাপকসকলে পদোন্নতিৰ বাবে ইউজিচিৰ উক্ত তালিকাৰ আলোচনী বা পত্রিকাত গবেষণাপত্র প্রকাশ কৰিব লাগে।

শেহতীয়াভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগে এই ব্যবস্থা বাতিল কৰা বুলি সূত্রই প্রকাশ কৰিছে। সূত্রই জনোৱা মতে, বিশ্ববিদ্যালয়সমূহক সহকাৰী অধ্যাপক আৰু সহযোগী অধ্যাপকসকলৰ গৱেষণাপত্র প্রকাশৰ দিশটো তদাৰক কৰিবলৈ ইউজিচিয়ে দায়িত্ব প্রদান কৰিছে।

অর্থাৎ এখন বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ অধীনত নিয়োজিত সহকাৰী আৰু সহযোগী অধ্যাপকসকলৰ আলোচনী বা পত্রিকাত গৱেষণাপত্র প্রকাশৰ দিশটো লক্ষ্য কৰিব।

আনহাতে, ইউজিচিৰ এই কার্যই মুনাফালোভী চক্ৰক সক্ৰিয় কৰিব বুলি আশংকা কৰিছে একাংশই। এইসকলৰ মতে, পইচা লৈ গবেষণাপত্র প্রকাশৰ সুযোগ দিব পাৰে এনে মুনাফা লোভী চক্রই। গতিকে ইউজিচিৰ ‘কেয়াৰ-লিষ্ট’ বাতিল কার্যই ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ মান বিশ্বত হ্রাস কৰিব বুলি বহুতে আশংকা কৰিছে।

Exit mobile version