Tiktok-Reels: Handwriting: মৃত্যুমুখী হাতে লিখা অভ্যাস, ক্ষতি মগজুৰ

13
Tiktok-Reels: Handwriting মৃত্যুমুখী হাতে লিখা অভ্যাস, ক্ষতি মগজুৰ
আজিৰ টিকটক-ৰীলছৰ পৃথিৱীত ক্ৰমশঃ অর্থহীন হৈ পৰিছে হাতে লিখাৰ অভ্যাস
শিশু-‘জেনেৰেছন জেডে’ই নহয়, বয়স্কসকলৰ বাবেও অচিনাকি হৈছে হাতৰ আখৰ

বিশ্বৰ এক তৃতীয়াংশ প্রাপ্তবয়স্কই ছমাহত হাতেৰে এটাও আখৰ নিলিখে

মাত্র এক কলা বা যোগাযোগৰ মাধ্যম নহয়, ইয়াৰ স’তে আছে মগজুৰ বিকাশৰ সম্পৰ্ক

 

: আপোনাৰ হাতৰ আখৰে আপুনি কোন সেয়া নির্ধাৰণ কৰে বুলি কোৱা হয়। একোজন ব্যক্তিৰ হাতৰ আখৰ তেওঁৰ ব্যক্তিত্বৰ পৰিচায়ক। আপুনি এজন শৃংখলিত ব্যক্তি নে আপোনাৰ মনত সোমাই আছে অযুত কল্পনা, সেয়া আপোনাৰ হাতৰ আখৰ নিৰীক্ষণ কৰি নিৰ্ধাৰণ কৰিব পাৰে বুলি কোৱা হয়।

হেজাৰ হেজাৰ বছৰ ধৰি হাতৰ আখৰে আমাক সমগ্র সভ্যতাৰ বিষয়ে শিকনি দিছে। মানুহে কিদৰে নিজস্ব চিন্তা এজনে আনজনক প্রকাশ কৰিছিল সেই কথাও দাঙি ধৰে হাতৰ আখৰেই। হস্তাক্ষৰৰ আঁত ধৰিয়ে আমি ইতিহাসৰ পৃষ্ঠা লুটিয়াব পাৰো। আমি নিজৰ বিষয়ে পাহৰি যোৱা কথাবোৰ মনত পেলাবলৈ সহায় কৰে হস্তাক্ষৰেই। আমাৰ প্ৰিয়জনৰ পৰা লাভ কৰা জন্মদিনৰ কাৰ্ড, প্রিয় শিক্ষকৰ পৰা লাভ কৰা হাতেলিখা বার্তা অথবা আপুনি ভিৰ গৰকি সংগ্ৰহ কৰা কোনো বিখ্যাত লোকৰ স্বাক্ষৰযুক্ত এলবাম।

হাতৰ আখৰ কেৱল সভ্যতাৰ পৰিচয়ৰ বাহকে নহয়, ইয়াৰ আছে বহু উপকাৰিতা। হাতেৰে লিখিলে মগজু সক্রিয় হৈ থাকে। দৃশ্য-ছবি আদি ভিজুৱেল চিনাক্তকৰণৰ ক্ষমতা বর্ধন হয়। তদুপৰি সাধাৰণভাৱে হাতৰ আখৰ লিখা অভ্যাসে স্মৃতিশক্তিও বৃদ্ধি কৰে। অর্থাৎ হাতে লিখা অভ্যাস নোহোৱা মানে এনে বোধগম্যতাসমূহ হেৰুওৱা, নিজৰ ব্যক্তিত্ব হেৰুওৱাৰ দৰে। অথচ মানৱ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ হাতৰ আখৰ লিখাৰ অভ্যাস আপুনি ক্রমশঃ হেৰুৱাইছে নেকি? নতুন প্ৰজন্মৰ কথা বাদেই দিয়ক, সাম্প্রতিক সময়ত বয়স্কসকলেও হেৰুৱাইছে হাতেৰে লিখাৰ অভ্যাস।

কিয়নো আমি বর্তমান এখন ডিজিটেল পৃথিৱীত বাস কৰো। সহযোগী, সতীর্থ, বন্ধু-বান্ধৱকে ধৰি গেলামালৰ দোকানৰ তালিকা পর্যন্ত সকলো আজিৰ দিনত অধিকাংশ লোকে বিশ্বজুৰি ম’বাইল ফোনতে লাভ কৰে। এয়া সাধাৰণভাৱে কোৱা কথা নহয়, বিভিন্ন গৱেষণা উপলব্ধ তথ্য। ফোন, কম্পিউটাৰে আমাৰ লিখাৰ অভ্যাসৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। অর্থাৎ লিখাৰ অভ্যাস এতিয়া মৃত্যুমুখী। শিক্ষক-শিক্ষয়িত্রীৰ মতে, ইয়াৰ ফলত কোনো হানি-বিঘিনি নঘটে। কিয়নো হাতে লিখাৰ প্রয়োজনেই নোহোৱা হৈছে।

বিদ্যালয়সমূহত ক্রমশঃ অন্তর্ধান হৈছে হাতৰ আখৰ। আমেৰিকাৰ দৰে দেশত সৰু ল’ৰা- ছোৱালীক হাতেৰে লিখিবলৈ শিকোৱা নহয়। ফিনলেণ্ডত কণ কণ শিশুৰ বিশেষ আর্হিমূলক হাতৰ আখৰ লিখাৰ শিক্ষণ ব্যৱস্থা বিদ্যালয়ৰ পৰা বিলোপ কৰা হৈছে। ছুইজাবলেগুতো এই ব্যৱস্থা বিভিন্ন বিদ্যালয়ৰ পৰা নোহোৱা হৈছে। ভাৰততো বহু ৰাজ্যতে এতিয়া কণ কণ শিক্ষার্থীয়ে হাতেৰে আখৰ লিখা অভ্যাস কৰিব নালাগে। এয়া হৈ পৰিছে প্রচলিত ব্যৱস্থা।

শেহতীয়া সমীক্ষা অনুসৰি, সভ্যতাৰ স্বাক্ষৰ বহনকাৰী হাতে লিখাৰ প্রয়োজনীয়তা এইদৰে ক্রমশঃ বিলুপ্ত হ’বলৈ ধৰাত ই একেবাৰে নিশ্চিহ্ন হ’ব বুলি বিভিন্ন গৱেষকে শংকা ব্যক্ত কৰে। বিশ্বজুৰি এক তৃতীয়াংশ শিশুৱে স্পষ্টকৈ অর্থাৎ বুজিব পৰাকৈ হাতৰ আখৰ লিখিব নাজানে। ছাত্ৰ-ছাত্ৰীৰ বাবে হাতৰ আখৰ এক আদিম ভাষা হৈ পৰিব, সেইদিন অতি চমু চাপিছে। সঁচাকৈ এয়া এক দুখৰ বিষয়।

কেৱল স্কুলীয়া ছাত্র-ছাত্রীৰ বাবে হাতৰ আখৰ অপৰিচিত নহয়, বয়স্কসকলৰ বাবেও এতিয়া হাতৰ আখৰ অচিনাকি হ’বলৈ ধৰিছে। সমীক্ষা অনুসৰি, এক তৃতীয়াংশ শিক্ষিত প্রাপ্তবয়স্কই ছমাহত হাতেৰে এটা শব্দও নিলিখে। দুই-তৃতীয়াংশই আনৰ হাতৰ লিখা পঢ়িবলৈ অপাৰগতা প্রদর্শন কৰে। টিকটক, ৰীল, ছেলফিৰ আজিৰ যুগত বাস্তৱ পৃথিৱীত হাতৰ আখৰ যেন অর্থহীন বিষয় হৈ পৰিছে। এয়া এতিয়া বাস্তৱ।

গৱেষকসকলৰ মতে, এয়া এক উদ্বেগৰ আৰু একে সময়তে মানুহৰ বাবে ক্ষতিকাৰক বিষয়। এক সমীক্ষাত কণ কণ শিশুক দুটা পদ্ধতিৰে লিখিবলৈ দিয়া হৈছিল- একাংশই হাতেৰে লিখিবলৈ চেষ্ট কৰিছিল আৰু আন একাংশই কম্পিউটাৰত। এই অনুশীলনৰ পাছত শিশুসকলৰ মগজুৰ স্কেনিং কৰি দেখা গ’ল যে যিসকল শিশুৱে হাতেৰে লিখিছিল তেওঁলোকৰ মগজু অধিক সক্রিয় আৰু কম্পিউটাৰত লিখাসকলৰ মগজুৰ সক্রিয়তা তুলনামূলকভাৱে দুর্বল।

এনে পৰিপ্ৰেক্ষিতত দ্রুত বিকশিত আমাৰ এই ডিজিটেল পৃথিবীত বিশেষকৈ তৰুণ প্রজন্মৰ বাবে হস্তাক্ষৰ এক হেৰাই যোৱা কলাৰ দৰে হ’বলৈ ধৰিছে। ‘৯০ৰ দশক আৰু ২০১০ৰ মাজত জন্মগ্রহণ কৰা প্ৰজন্মৰ বাবে হাতৰ আখৰ এক দুর্বোধ্য ভাষা। তথ্য অনসৰি, এই প্রজন্ম (জেনেছেন জেড) ব ৪০ শতাংশই লিখিব নাজানে। যাৰ ফলত তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ বাধাগ্রস্ত হোৱাই নহয়, ব্যক্তিগত যোগাযোগৰ অৰ্হতাও হ্রাস পায়। ইউনিভাৰচিটি অৱ ষ্টেভেনগাৰৰ এক শেহতীয়া অধ্যয়ন অনুসৰি প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। সেই অনুসৰি, জেনেছেন জেড-এ হাতে লিখি যোগাযোগ সম্পন্ন কৰাৰ দক্ষতা হেৰুৱাইছে। এয়া এনে এক দক্ষতা যি ৫৫০০ বছৰ ধৰি মানুহৰ যোগাযোগৰ মূল চাবিকাঠি।

গৱেষকসকলে কয় যে হোৱাটছএপৰ দৰে এপসমূহ আৰু ইনস্টাগ্রামৰ দৰে সামাজিক মাধ্যমৰ ছাইটসমূহে মানুহক দ্রুত বাৰ্তালাপৰ মঞ্চ দিছে। ইয়াত থকা একোটা শব্দৰ চমু ৰূপ আৰু আৱেগ-অনুভূতি প্রকাশৰ সংকেত চিহ্ন (ইম’জি) সমূহৰ ফলত মুহূৰ্তৰ ভিতৰতে এজনে আনজনলৈ বার্তা প্ৰেৰণ কৰিব পাৰে। এই মঞ্চসমূহ এতিয়া মানুহৰ হাতৰ মুঠিলৈ অহাৰ লগে লগে বিশেষকৈ তৰুণ প্রজন্মৰ মাজত হাতেবে লিখাটো দুৰূহ বিষয় হৈছে। আজিকালি কী ব’ৰ্ড আৰু ম’বাইলৰ স্ক্ৰীণত স্পর্শ কৰি স্কুলীয়া শিক্ষাৰ পৰা আৰম্ভ কৰি আন বৃহৎ আদান-প্রদান কৰাটো সম্ভৱ হৈছে।

একাংশ বিশেষজ্ঞৰ মতে, জেনেছেন জেড মানৱ সভ্যতাৰ প্ৰথমটো প্রজন্ম যিয়ে প্রকৃতার্থত হাতত কলম তুলি লোৱা নাই। একাংশই কয় যে ইয়াৰ ফলত তথ্যৰ সৰবৰাহ আৰু এজনে আনজনৰ স’তে সম্পর্ক স্থাপনৰ ক্ষেত্ৰখনতো ব্যাপক পৰিৱৰ্তন সাধন হৈছে। ডিজিটেল যোগাযোগ এতিয়া আমাৰ অভ্যাসত পৰিণত হোৱাৰ লগে লগে আমি হাতে লিখা টোকাটোৱে আনি দিয়া আত্মিক সম্পর্ক অথবা ব্যক্তিগত যোগাযোগৰ অনুভৱৰ সুৱাস হেৰুৱাবলগীয়া হৈছে।

কেৱল এয়েই নহয়, হাতেৰে লিখাৰ অভ্যাস মগজুৰ উন্নয়নৰ বাবে অতি প্রয়োজনীয় বিষয়। টাইপিঙৰ দ্বাৰা মগজুৰ উন্নয়ন তুলনামূলকভাবে হাতেৰে লিখাতকৈ কম সাধন হয়। আপুনি কি পঢ়ে অথবা কি শুনে তাৰ বোধগম্যতা অর্জন হাতেৰে লিখাজনৰ বাবে অধিক তীক্ষ্ণ হয়। যিকোনো কথা মনত ৰখাৰ শক্তিও বৃদ্ধি পায় আৰু শিক্ষণৰ দক্ষতাও বৃদ্ধি পায়। বিশ্বৰ একাধিক বিশ্ববিদ্যালয়ৰ পৰা এনে বিভিন্ন তথ্য সংগ্ৰহ কৰিছে গৱেষকসকলে।

কোৱা হৈছে জেনেৰেছন জেডৰ শিক্ষার্থীসকলক হাতেৰে লিখিবলৈ ক’লে তেওঁলোক যেন উচপ খাই উঠে, যেন বিবুধিত পৰে আৰু কি কৰিব উৱাদিহ হেৰুৱায়। কিয়নো তেওঁলোকৰ লিখাৰ অভ্যাস নাই। কোনোমতেহে দুই-এটা বাক্য অতি বেয়া হাতৰ আখৰৰে লিখিব পাৰে । এই ক্ষেত্রত অধ্যয়ন কৰা এনে এজন আগশাৰীৰ অধ্যাপকৰ মতে, আজিকালি কলেজীয়া ছাত্র-ছাত্রীৰ মাজত সাধাৰণ জ্ঞানৰ অভাৱ ঘটিছে। বহুতেই বাক্যবোৰ ভালদৰে সজাই-পৰাই লিখিব নোৱাৰে। তদুপৰি দীঘলীয়া বাক্য লিখিবলৈ অসুবিধাৰ সম্মুখীন হয়। তেওঁলোকে সামাজিক মাধ্যমৰ প’ষ্টৰ দৰে সৰু সৰু বাক্য লিখে, ৰচনা লিখিব নোৱাৰে।

এই ক্ষেত্রত অৱশ্যে সামাজিক মাধ্যমৰ প্রভাৱ নুই কৰিব নোৱাৰি। কিয়নো টুইটাৰৰ দৰে ছাইটত লিখিবলৈ হ’লে আপুনি চুটি বাক্য লিখাত পাকৈত হ’ব লাগিব। যেন আপুনি কাৰোবাৰ স’তে মুখামুখিকৈ কথা পাতিছে।

বিশ্বজুৰি যোগাযোগৰ ক্ষেত্ৰত এই পৰিস্থিতিত প্রত্যাহ্বানৰ সৃষ্টি আশংকাৰে গা কৰি উঠিছে। এই পৰিৱৰ্তিত সময়ৰ মাজেৰে গতি কৰাৰ সময়ত শিক্ষক-শিক্ষয়িত্রী, পিতৃ-মাতৃ আৰু নীতি নির্ধাৰকসকলৰ ভূমিকা অতি গুরুত্বপূর্ণ বিবেচিত হয়। ডিজিটেল পদ্ধতি আৰু পূৰ্বৰ হাতে লিখাৰ অভ্যাসৰ সমিলমিলেৰে বিশ্বজুৰি শিক্ষা ব্যৱস্থাৰ নৱৰূপৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে গৱেষকসকলে। সাম্প্রতিক বিশ্ব আৰু হাতে লিখাই একমাত্র য’ত সম্বল আছিল এই দুই বিশ্বৰ মিশ্ৰণৰে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা-পাঠ্যক্রমে ভৱিষ্যৎ প্রজন্মৰ বোধগম্যতা অটুট ৰখাত সহায় কৰিব বুলি বিশ্বৰ বিভিন্ন বিশেষজ্ঞই মত প্রকাশ কৰে।

সেয়েহে আগ্রাসী প্রযুক্তিৰ ধামখুমীয়াৰ লগতে হাতেৰে লিখাৰ সেইদিনবোৰৰ পৰাও প্রয়োজনীয় সমল আজিৰ বিশ্বই ভবিষ্যৎ প্রজন্মৰ জীৱন ধাৰণৰ বোধগম্যতা অটুট ৰখাৰ বাবে আহৰণ কৰিব লাগিব।

Exit mobile version