Horoscope:আজি দিনতো কেনেদৰে পাৰ হ’ব

horoscope new 8

Horoscope:আজি দিনতো কেনেদৰে পাৰ হ’ব

মেষ: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। পাৰিবাৰিক সমস্যা থাকিব। শুভ ৰং ৰঙা।

বৃষ: কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবা মতে সকলো দিশেই ভাল ফল নাপাব। ভ্রমণাদিত অন্যমনস্ক নহ’ব। শুভ ৰং ক’লা।

মিথুন: আজি কিছু ফৰকাল। বিদ্যার্থীৰ বাবেও বেয়া নহ’ব। তথাপি আপোন কোনো মানুহৰ স’তে মানসিক দ্বন্দৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব। প্রেম-প্রণয়ত শুভ। শুভ ৰং সেউজীয়া।

কর্কট: কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই। নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব। শুভ ৰং বগা।

সিংহ: অলপ সতর্ক হৈ চলক। নতুন কাম-কাজৰ আৰম্ভণিতে আহুকাল থাকিব। বন্ধু-বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব। শৰীৰৰ দুৰ্বলতা থাকিব। বিদ্যাত মধ্যম। শুভ ৰং হালধীয়া।

কন্যা: সাৱধানেৰে কামত আগুৱাওক। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। দাম্পত্যত নিজৰ আৱেগ-অনুভূতিকা ৰুক্ষ কৰি নুতুলিব। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব। শুভ ৰং নীলা।

তুলা: সৃষ্টিমূলক চুক্তি আদিত অনুকূলত থাকিব। পৰিয়ালৰ স’তে ভ্রমণৰ উপযোগী হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। প্রেম-প্রীতিত ভালেই দেখা যায়। শুভ ৰং ক্রীম।

বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব। ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক। শুভ ৰং বগা।

ধনুঃ ব্যৱসায়ৰ ক্ষেত্ৰত নজৰ ৰাখিব। কিন্তু দাম্পত্যত শাৰীৰিক দুশ্চিন্তা আৰু কর্মক্ষেত্রত বাধা আহিব পাৰে। বিদ্যাত শুভ। প্রেম-প্রণয়ত আনন্দ। শুভ ৰং মেৰুণ।

মকৰ : আর্থিক দিশত খৰচৰ মাত্রা অত্যধিক হ’ব যদিও ব্যৱসায়-বাণিজ্যত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিবাৰিক বাধা আহিব পাবে। প্রেম-প্রণয়ত শুভ। শুভ ৰং গুলপীয়া আৰু ৰঙা।

কুম্ভ: অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। বিদ্যাত সফলতা পাব। প্রেম-প্রণয়ত আৱেগ বৃদ্ধি পাব। শুভ ৰং গুলপীয়া।

মীন: শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। নানা শুভ সংবাদ আৰু আনন্দব মাজেৰেই দিনটো পাৰ হ’ব। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাবে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং ক’লা।

Exit mobile version