US fighter jet F-35:
প্ৰশিক্ষণৰ সময়ত আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা। মঙলবাৰে আলাস্কাৰ আইলছন এয়াৰবেছত দুৰ্ঘটনাগ্ৰস্ত হয় এখন অত্যাধুনিক আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান। ভাৰতীয় সময় অনুসৰি মঙলবাৰে বিয়লি প্ৰায় তিনি বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
সৌভাগ্যক্ৰমে, পাইলটজনে দুৰ্ঘটনাটোৰ আগতে বিমানখনৰ পৰা উলিয়াবলৈ সক্ষম হয়। পেৰাচুটৰ দ্বাৰা তেওঁ মাটিত অৱতৰণ কৰে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ ৩৫৪বি ফাইটাৰ উইঙৰ কমাণ্ডাৰ কৰ্ণেল পলে জনাই যে বিমানখন উৰা মৰাৰ পাছত পাইলটজনে কেবাটাও কাৰিকৰী সমস্যা লক্ষ্য কৰিছিল। পাইলটজনে বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰে । অৱশ্যে, অৱতৰণৰ আগতে বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু দুৰ্ঘটনা সংঘটিত হয়।
বিমানখন এক আসনৰ। অৱশ্যে, পাইলটজনে দুৰ্ঘটনাটোৰ আগতে বিমানখনৰ পৰা সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয়। সম্প্ৰতি দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। য’ত এই ঘটনাটো দেখিবলৈ পোৱা গৈছে। বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰফৰে আবৃত এয়াৰবেচত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ পাছত, বিমানখন এক বৃহৎ বিস্ফোৰণৰ স’তে জ্বলি উঠে।
যেতিয়া যুঁজাৰু বিমানখন তললৈ বাগৰি পৰে, পাইলটজনক পেৰাচুটৰ দ্বাৰা নামি অহা দেখা যায়। এফ-35 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান। ২০০৬ চনৰ পৰাই আমেৰিকা চৰকাৰে এই বিমান নিৰ্মাণ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ২০১৫ চনৰ মাৰ্কিন বায়ু সেনাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে এই ছিৰিজৰ যুদ্ধ বিমান।