India will develop AI models:চীনৰ দৰেই ১০ মাহৰ ভিতৰত এআই মডেল তৈয়াৰ কৰিব ভাৰতে

union govt

India will develop AI models:

চীনৰ চাঞ্চল্যকাৰী কৃত্রিম বুদ্ধিমত্তা (এআই) মডেল ডীপছিকৰ দৰেই কম ব্যয়তে শীঘ্ৰে ভাৰতেও নিজা এআই চেটবট তৈয়াৰ কৰিব। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি কয় যে আগন্তুক ১০ মাহৰ ভিতৰত ভাৰতে নিজা লার্জ লেংগুৱেজ মডেলৰ কৃত্রিম বুদ্ধিমত্তাসমৃদ্ধ চেটবট তৈয়াৰ কৰিব।

ADVERTISEMENT

উল্লেখ্য যে অলপতে অপেন এআইৰ মুখ্য কার্যবাহী বিষয়া ছেম অল্টমেনে দাবী কৰি কৈছিল যে ভাৰতৰ দৰে দেশে চেট জিপিটিৰ দৰে সঁজুলি তৈয়াৰ কৰাটো কঠিন হ’ব।

অল্টমেনৰ এই দাবী শীঘ্ৰে মিথ্যা প্রমাণিত হ’ব বুলি কেন্দ্ৰৰ চৰকাৰে দাবী কৰি কয় যে ভাৰতে তুলনামূলকভাৱে কম ব্যয়তে শীঘ্ৰে এআই টুল তৈয়াৰ কৰিব।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ই দাবী কৰা অনুসৰি এআই টুল তৈয়াৰৰ বাবে বিলিয়ন ডলাৰৰ ব্যয় কৰাৰ যে প্ৰয়োজন নাই সেয়া চীনে মাত্র পাঁচ নিযুত ডলাৰ ব্যয়ৰে ডীপছিক তৈয়াৰ কৰি প্ৰমাণ কৰিলে।

ভাৰতৰ ১০ নিযুত ডলাৰ ব্যয়ৰে নিজা এআই টুল বাস্তৱত ১০ মাহৰ ভিতৰত তৈয়াৰ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰা বুলি ডিআৰডিঅ’ই জানিবলৈ দিয়ে।

Exit mobile version