কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত ব্যাপক দুর্নীতি

11 1

কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত ব্যাপক দুর্নীতি
এমএণ্ডআৰ-এছঅ’পিডি আঁচনিৰ নামত ব্যাপক লুণ্ঠন

নগাঁও জিলাত জলসিঞ্চন বিভাগৰ আঁচনিসমূহ বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবে লুণ্ঠনৰ আহিলাতহে পৰিণত হৈছে। জলসিঞ্চনৰ আঁচনিৰ নলাৰে পানী কৃষকৰ পথাৰলৈ বৈ যাওক বা নাযাওক বিভিন্ন আঁচনিৰ তত্ত্বাৱধান তথা মেৰামতিৰ নামত আৱন্টিত ধনৰ ওপৰত লুণ্ঠন কিন্তু অবাধে চলি আছে।

জিলাখনৰ কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলেও এই লুণ্ঠনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আঁচনিৰ বিপৰীতে আৱন্টিত ধনৰে যৎসামান্য কাম কৰি বিভাগীয় নথিত সম্পূর্ণ কাম কৰা দেখুৱাই লাখ টকা লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই দুর্নীতি-অনিয়মৰ বিৰুদ্ধে প্রতিবাদ কৰোতা কোনো নথকাৰ আগাহতে লুণ্ঠনকাৰী চক্রৰ দৌৰাত্ম্য দুগুণ বৃদ্ধি পাইছে।

প্রাপ্ত তথ্য অনুসৰি, জলসিঞ্চন সংমণ্ডলটোরে এমএণ্ডআৰ শিতানত বিগত ২০২০-২১৩ ৮৪ লাখ ৩৭ হেজাৰ ৩৩০ টকা, ২০২১-২২ ৩ ৯৯ লাখ ০৬ হেজাৰৰ ৫০ টকা আৰু ২০২২-ত ৭৮ লাখ ৯৫ হেজাৰ ১০০ টকা আৱন্টন লাভ কৰিছিল। উত্থাপিত অভিযোগ অনুসৰি, এমএণ্ডআৰৰ ধনবে বিভিন্ন জলসিঞ্চন আঁচনিৰ মেৰামতি আৰু তত্ত্বাৱধানৰ বাবে একাংশ ঠিকাদাৰক কামবোৰ আৱটন দিয়া হৈছিল।

 জলসিঞ্চন সংমণ্ডলটোরে এমএণ্ডআৰ শিতানত বিগত ২০২০-২১৩ ৮৪ লাখ ৩৭ হেজাৰ ৩৩০ টকা, ২০২১-২২ ৩ ৯৯ লাখ ০৬ হেজাৰৰ ৫০ টকা আৰু ২০২২-ত ৭৮ লাখ ৯৫ হেজাৰ ১০০ টকা আৱন্টন লাভ কৰিছিল। উত্থাপিত অভিযোগ অনুসৰি, এমএণ্ডআৰৰ ধনবে বিভিন্ন জলসিঞ্চন আঁচনিৰ মেৰামতি আৰু তত্ত্বাৱধানৰ বাবে একাংশ ঠিকাদাৰক কামবোৰ আৱটন দিয়া হৈছিল।

এই কাম আৱন্টনত জলসিঞ্চন বিভাগৰ সহজাত ফৰটি-ছি’ক্সটি ব্যৱস্থা, ৰাজনৈতিক পৃষ্ঠপোষকতাই অগ্রাধিকাৰ পাইছিল বুলিও অভিযোগ উত্থাপিত হৈছে। তথ্য অনুসৰি, এমএণ্ডআবৰ ২০২০-২১, ২০২১-২২ আৰু ২০২২-২০২৩ৰ কামৰ বাবদ ঠিকাদাৰক বন মোকলাই দিয়া হৈছে।

কিন্তু এই আঁচনিৰ কামসমূহ করেয়া সংশ্লিষ্ট অঞ্চলৰ একাংশ ৰাইজে অভিযোগ কৰা মতে, এমএণ্ডআৰৰ কামৰ নামত চৰম ভেঁকোভাওনাহে হৈছিল। প্ৰকৃতাৰ্থত চৰকাৰী ধনৰ ওপৰত সামুহিক লুণ্ঠনহে চলোৱা হৈছিল।

অভিযন্তা, এছডিঅ’, এছঅ’, ঠিকাদাৰে মিলি অবাধ দুর্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি ৰাইজে বিত্তীয় বর্ষকেইটাৰ কামৰ চৰজমিন তদন্ত কৰিবলৈ দাবী জনাইছে।

আনহাতে, জলসিঞ্চন সংমণ্ডলটোৱে এছঅ ‘পিডি শিতানত ২০২০-২১বর্ষ আৰু ২০২২-২৩ত কেবা কোটি টকা আৱন্টন লাভ কৰিছিল।

এছঅ’পিডিৰ ধনেৰে কেতবোৰ কাম কৰা দেখুৱাই চৰম প্ৰহসনৰে ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

Exit mobile version