সতীৰ্থৰ মৃতদেহ উদ্ধাৰৰ চেষ্টাত সংঘৰ্ষত ধৰাশায়ী ১০ কুকি বিদ্রোহী
ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ দুই উগ্ৰপন্থী সংগঠনৰ মাজত তুমুল সংঘৰ্ষত বহু সংখ্যকৰ মৃত্যু
ম্যানমাৰ সেনাকো আক্ৰমণ
তিনিখন ট্রাকত তুলি নিলে হতাহতক
কঠোৰ সতর্কতা জাৰি আছাম ৰাইফলছৰ
:দীর্ঘদিন ধৰি অৰাজক হৈ থকা মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ কুকি আৰু মণিপুৰৰ উগ্ৰপন্থীৰ মাজত হোৱা এক তুমুল সংঘর্ষত কমেও ১০ জন কুকি উগ্রপন্থী ধৰাশায়ী হোৱাৰ তথ্য পোৱা গৈছে।
সূত্রই প্ৰকাশ কৰা অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তৰ ৭৩ নম্বৰ স্তম্ভৰ ওচৰত দুর্গম ঘন
অৰণ্যত শনিবাৰে কুকি উগ্রপন্থী সংগঠন আৰু মণিপুৰস্থিত উগ্রপন্থী সংগঠনৰ মাজত তয়াময়া সংঘৰ্ষৰ সূত্রপাত ঘটে। দুয়োপক্ষই অত্যাধুনিক তথা স্বয়ংক্রিয় অস্ত্র-শস্ত্ৰ ব্যৱহাৰ কৰা এই সংঘৰ্ষ সীমান্তৰ ৮৫/৮৬ স্তম্ভৰ ওচৰৰ অঞ্চললৈ প্ৰসাৰিত হয় বুলি সূত্রই সদৰী কৰিছে।
সূত্রই জনোৱা মতে, এই তুমুল সংঘর্ষত কমেও ১০ জন কুকি উগ্রপন্থীয়ে প্রাণ হেৰুৱায়। সূত্রই লগতে সন্দেহ প্রকাশ কৰা অনুসৰি, ভাৰতৰ ভূমিত বাস কৰা একাংশই কুকি উগ্রপন্থীক ৰচদপাতি যোগান ধৰি আহিছে। লক্ষ্যণীয় যে ২০২৩ৰ মে’ত মণিপুৰৰ মেইটেই আৰু কুকি-জ’ জনগোষ্ঠীৰ মাজত ভয়াৱহ গোষ্ঠী সংঘাতৰ সূত্রপাত ঘটে। দুই শতাধিক লোকৰ প্ৰাণহানি কৰা এই গোষ্ঠীসংঘৰ্ষৰ জুই বর্তমানেও সম্পূর্ণরূপে নুমুৱা নাই। ইয়াৰ সমান্তৰালভাৱে দুয়োটা জনগোষ্ঠী উগ্রপন্থী সংগঠনৰ মাজতো মাজে-সময়ে সংঘৰ্ষৰ সূত্রপাত ঘটি আহিছে।
ইপিনে, ভাৰত-ম্যানমাৰ সীমান্তও প্রায়ে উত্তাল হৈ আহিছে। মণিপুৰৰ বিভিন্ন উগ্রপন্থী সংগঠন আৰু ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ ভূস্বর্গরূপে এই সীমান্ত অঞ্চল চিহ্নিত হৈ আহিছে। কিছুদিন পূর্বেও কুকি উগ্রপন্থী সংগঠন আৰু মেইটেই জনগোষ্ঠীয় উগ্রপন্থী সংগঠনৰ মাজত ভাৰত-ম্যানমাৰ সীমান্তত হোৱা এক সংঘর্ষত কমেও চাৰিজন কুকি উগ্রপন্থীৰ মৃত্যু হয়।
ইপিনে, সূত্রই জনোৱা মতে, সংঘৰ্ষত নিহত সতীৰ্থসকলৰ মৃতদেহ কুকি উগ্রপন্থী সংগঠনে উদ্ধাৰ কৰি নিয়াৰ চেষ্টা কৰে যদিও আনটো পক্ষই ধাৰাসাৰ গুলিবর্ষণ অব্যাহত ৰখাত কুকি উগ্রপন্থীৰ বাবে সেই কার্য সম্পন্ন কৰা সম্ভৱ নহ’ল। আনহাতে, এক সূত্ৰৰ মতে, কুকি উগ্রপন্থী সংগঠনৰ স’তে ম্যানমাৰৰ সামৰিক জুণ্টা বিৰোধী পিপ’লছ ডিফেন্স ফ’র্চ (পিডিএফ)ৰ সম্পৰ্ক আছে। শেহতীয়াভারে কুকি উগ্রপন্থীয়ে ম্যানমাৰৰ ছাগাইং অঞ্চলত ম্যানমাৰ সেনাৰ এটা চকীত আক্ৰমণ কৰে।
ম্যানমাৰ সেনাই ইয়াৰ প্ৰত্যুত্তৰ ৰকেট আৰু মর্টাৰেৰে দিয়ে। ফলত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত বহুসংখ্যকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। সূত্ৰৰ মতে, হতাহতসকলক উদ্ধাৰত তিনিখন মিনি ট্রাক তিনিখন মিনি ব্যৱহাৰ কৰা হয়। আনহাতে, ৩৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্ত পুনৰ উগ্রপন্থী সংগঠনে অশান্ত কৰি তোলাত আছাম ৰাইফলছে সীমান্তত কঠোৰ সতর্কতা জাৰি কৰিছে। এনে অৱস্থাতে একাংশ নিৰাপত্তা পর্যবেক্ষকে প্রকাশ কৰা অনুসৰি, ভাৰতে ম্যানমাৰ সীমান্তত সুস্থিৰতা সৃষ্টিৰ যি পদক্ষেপ গ্রহণ কৰিছে, সেই পদক্ষেপ সীমান্তত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাৱলীয়ে জটিল কৰি তোলাৰ আশংকা আছে।