সভাপতিৰ অভিভাষণ নাই, চৌদিশে চোৰৰ দৌৰাত্ম্য

বিশৃংখলা-দায়ৱদ্ধহীনতাৰ উদাহৰণ হৈ ৰ'ব অসম সাহিত্য সভাৰ পাঠশালা অধিবেশন, কৰ্মকৰ্তাৰ আচৰণত অতিষ্ঠ সঞ্চালকে আধাতে এৰি গ'ল কবি সম্মিলন

Capture 2 1

সভাপতিৰ অভিভাষণ নাই, চৌদিশে চোৰৰ দৌৰাত্ম্য

বিশৃংখলা-দায়ৱদ্ধহীনতাৰ উদাহৰণ হৈ ৰ’ব অসম সাহিত্য সভাৰ পাঠশালা অধিবেশন

কৰ্মকৰ্তাৰ আচৰণত অতিষ্ঠ সঞ্চালকে আধাতে এৰি গ’ল কবি সম্মিলন

:ব্যাপক প্ৰচাৰৰ বিপৰীতে চৰম বিশৃংখলা আৰু নিৰাপত্তাহীনতাৰো উদাহৰণ হৈ ৰ’ব অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিবেশন। ব্যৱস্থাপনাৰ ক্ষেত্ৰত একাংশই প্রদর্শন কৰা গা এৰা দিয়া ভূমিকাৰ বাবে নতুন সভাপতিৰ অভিভাষণখন এইবাৰ সংবাদ মাধ্যমে লাভ নকৰিলে।

প্রথমখন মুকলি সভাত নৱনিৰ্বাচিত সভাপতিৰ অভিভাষণটো অত্যন্ত গুৰুত্বপূর্ণ। সেইবাবে বিস্তৃতভাৱে প্ৰকাশৰ সুবিধার্থে সভাপতিৰ অভিভাষণখন সংবাদ মাধ্যমৰ সদৰ কাৰ্যালয়ত আগতীয়াকৈ যোগান ধৰা হৈ আহিছে।

সংবাদগোষ্ঠীয়েও নতুন সভাপতিয়ে অভিভাষণ পাঠ নকৰালৈকে সেইখন ৰাজহুৱা নকৰে; কিন্তু এইবেলি সংবাদ মাধ্যমে আগতীয়াকৈতো বাদেই, কাৰ্যসূচী হৈ যোৱাৰ পাছতো সভাপতিৰ অভিভাষণখন লাভ নকৰিলে। ফলত অভিভাষণৰ বাতৰি যুগুত কৰাত বাধাৰ সৃষ্টি হয়।

ইপিনে, সন্ধিয়া একাংশ আয়োজকৰ অভব্য আচৰণৰ বাবেই কবি সম্মিলন সঞ্চালনাৰ দায়িত্ব আধাতে এৰি অধিবেশনস্থলী ত্যাগ কৰিবলৈ বাধ্য হয় বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালউদ্দিন আহমেদ।

অভিযোগ অনুসৰি সাংস্কৃতিক কাৰ্যসূচীৰ দায়িত্বত থকা বিষয়ববীয়াই কবি সম্মিলন শেষ কৰি মঞ্চ এৰি দিবলৈ বাৰে বাৰে হেঁচা দিয়াৰ বাবেই আহমেদে অতিষ্ঠ হৈ আধাতে গুচি যায়।

ইফালে, এই অধিবেশনত সমাগম হোৱা ৰাইজৰ বিপৰীতে নিৰাপত্তামূলক ব্যৱস্থা আৰু স্বেচ্ছাসেৱক নিয়োগৰ ক্ষেত্ৰত আপোচ কৰাৰ পৰিণতি ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। প্রতিদিনে এক বিপুল সংখ্যক লোকৰ টকা, ম’বাইল ফোন, অলংকাৰ আদি লুটি নিবলৈ সক্ষম হৈছে দুর্বৃত্তই।

ৰাইজক চোৰৰ পৰা সতৰ্ক হৈ থাকিবলৈ কালিৰ পৰাই মাইকযোগে ঘোষণা কৰি থকাৰ বিপৰীতে ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা গ্রহণত দায়িত্বপ্রাপ্ত সকল চূড়ান্তভাৱে ব্যর্থ হয়। ফলত দুর্বৃত্তই সামগ্রী কাঢ়ি নিয়াৰ ইটোৰ পাছত সিটো ঘোষণা কৰি থাকিবলগীয়া হৈছে আয়োজকসকলে। বিশেষকৈ প্রদর্শনী, গ্রন্থমেলা আৰু বিজ্ঞান মেলাত এই ঘটনা অধিক।

ইপিনে, মূল মণ্ডপতো স্বেচ্ছাসেৱকৰ ভূমিকা একপ্ৰকাৰ শূন্য। সাংবাদিকৰ বাবেও আসনৰ ব্যৱস্থা কৰা নহ’ল এই সভামণ্ডপত।

Exit mobile version