মহিলাৰ হাতত আছে দিল্লীৰ ক্ষমতাৰ চাবিকাঠি
অহা পাঁচ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে মহিলা ভোটদাতাৰ সমৰ্থন লাভৰ বাবে বিশেষ চেষ্টা চলোৱা প্ৰত্যক্ষ হৈছিল।
আম আদমী পার্টি (আপ)ৰ পৰা আৰম্ভ কৰি বিজেপি, কংগ্ৰেছ সকলোৱে এইবাৰৰ নিৰ্বাচনত মহিলাসকলক চৰকাৰ গঠন কৰিলে অধিক সা-সুবিধা প্ৰদানৰ প্রতিশ্রুতি দিছে।
তিনিওটা বৃহৎ দলে একাধিক মহিলাকেন্দ্ৰিক আঁচনি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতিও দিছে। মহিলাসকলক প্ৰতিমাহে ভাট্টা প্রদান, ৰেছন প্রদান, মাতৃত্বৰ সা-সুবিধা, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৰেহাই আদিৰ প্রতিশ্রুতি আটাইকেইটা দলে দিলে।
দৰাচলতে দিল্লীৰ নিৰ্বাচনত যিকোনো দলৰ জয়-পৰাজয় নির্ণয়ত মহিলা ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। দিল্লীৰ মুঠ ভোটদাতা হৈছে এক কোটি ৫৫ লাখ ২৪ হেজাৰ ৮৫৮
জন।
ইয়াৰে ৭১ লাখ ৭৩ হেজাৰ ৯৫২ গৰাকী মহিলা ভোটদাতা আৰু ৮৩ লাখ ৪৯ হেজাৰ ৬৪৫ জন পুৰুষ ভোটদাতা। আনহাতে, তৃতীয় লিংগৰ ভোটদাতাৰ সংখ্যা হৈছে ১২৬১ জন।
অর্থাৎ মুঠ ভোটদাতাৰ প্ৰায় ৪৬ শতাংশ হৈছে মহিলা ভোটদাতা । মহিলা ভোটদাতাৰ এই সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আসন্ন নির্বাচনত দিল্লী দখলৰ লক্ষ্যৰে প্ৰতিটো দলে মহিলাকেন্দ্রিক আঁচনি আৰু সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিত সৰৱ হৈছিল।
অৱশ্যে মহিলা ভোটদাতাৰ সংখ্যা পৰ্যাপ্ত হোৱাৰ পাছতো দিল্লী বিধানসভাত এইবাৰ আপৰ নগৰাকী, বিজেপিৰ নগৰাকী আৰু কংগ্ৰেছৰ আঠগৰাকী মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে।