মহাকুম্ভ উপলক্ষে বিশেষ ভিছা , পাকিস্তানৰ পৰা ভাৰতলৈ আহিল ৪০০ হিন্দুৰ অস্থি
ৰাজনীতিৰ জটিল ষড়যন্ত্ৰই দুয়োখন দেশৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিলেও কিন্তু হৃদয়ৰ গোপনত আছে অটুট বিশ্বাস আৰু আস্থা । যাৰ বাবে পাকিস্তানৰ পৰা দেৱভূমি ভাৰতলৈ আহিল কলহবন্দী হৈ ৪০০ জন হিন্দুৰ অস্থি ।
উদ্দেশ্য হৈছে মহাকুম্ভৰ পৱিত্ৰ লগণত মা গংগাত মুক্তিৰ সন্ধান। পাকিস্তানী হিন্দুসকলৰ এই অস্থি হৰিদ্বাৰত বিসৰ্জন কৰা হয় ।
তথ্য অনুসৰি, প্ৰিয়জনৰ অস্থি গংগাত বিসৰ্জন দিবলৈ বিগত আঠ বছৰ ধৰি পাকিস্তানৰ এটা শ্মশানত ৰখা হৈছিল ।
মহাকুম্ভ উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অস্থি ভাৰতলৈ অনাৰ বাবে বিশেষ ভিছা জাৰী কৰে।
সোমবাৰে,৮০০ জন পাকিস্তানী হিন্দুৰ অস্তি ৱাঘা সীমান্তৰ মাজেৰে ভাৰতলৈ অনা হয় । গংগাত বিসৰ্জনৰ উদ্দেশ্যে কৰাচীৰ পুৰণি গোলিমাৰ শ্মশানৰ পৰা অনা হৈছে এই অস্থি।
মহাযজ্ঞৰ নেতৃত্ব দিয়ে পাকিস্তানৰ কৰাচীত শ্ৰী পঞ্চমুখী হনুমান মন্দিৰ সমিতিৰ অধ্যক্ষ শ্ৰী ৰামনাথ মিশ্ৰ মহাৰাজে। তেওঁ সোমবাৰে ৱাঘা সীমান্তৰ মাজেৰে ভাৰতত উপস্থিত হয় ।
এই অস্থি ভাৰতলৈ অনাৰ মুখ্য আৰম্ভণিকৰ্তা শ্ৰীৰাম নাথ মিশ্ৰাই কয় যে ২০১১ চনত ১৩৫ আৰু ২০১৬ চনত ১৬০ জন লোকৰ অস্থি গংগাত বিসৰ্জনৰ বাবে ভাৰতলৈ অনা হয়।