Cheetahs:কুনো উদ্যানত পাচঁটা চিতা সংযোজন !

kunu poark

Cheetahs:কুনো উদ্যানত পাচঁটা চিতা সংযোজন !

চিতাৰ সংখ্যা বৃদ্ধিয়ে ৰাজ্যখনৰ পৰ্যটনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব ,মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ

বুধবাৰে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় পাঁচটা নাহৰফুটুকী । ৰাজ্যৰ বন বিভাগৰ সূত্ৰ অনুসৰি শ্বেহপুৰত মুখ্যমন্ত্ৰী মোহন যাদৱৰ উপস্থিতিত চিতা মুকলি কৰাৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়।

বন বিষয়াসকলে জনাইছে , অভয়াৰণ্যত চিতাসমূহক এৰি দিয়াৰ পূর্বে সকলো প্রস্তুতি কৰা হৈছে ৷

কঠোৰ পৰ্যৱেক্ষণৰ পাছত তেওঁলোকক বনাঞ্চলত এৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

এইটোৰ স’তে দ্বিতীয়বাৰৰ বাবে সুৰক্ষিত অঞ্চলৰ বাহিৰৰ মুকলি অৰণ্যত এৰি দিয়া হৈছে চিতা।

বুধবাৰে চিতাকেইটাক অৰণ্যৰ গভীৰতালৈ এৰি দিয়াৰ পাছত, অভয়াৰণ্যত মুকলি কৰা নাহৰফুটুকী বাঘৰ সংখ্যা সাতটালৈ বৃদ্ধি পালে ।

ইয়াৰ পূৰ্বে বিগত বৰ্ষত চাৰি ডিচেম্বৰত, দুটা মতা চিতাক বনাঞ্চলত এৰি দিয়া হৈছিল। ইফালে, দক্ষিণ আফ্ৰিকাৰ পাঁচ বছৰীয়া চিতা বীৰাই মঙলবাৰে দুটা সন্তান জন্ম দিয়ে।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে জনাই যে চিতাৰ সংখ্যা বৃদ্ধিয়ে ৰাজ্যখনৰ পৰ্যটনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে।

উল্লেখ্য যে,আজি ৭০ বছৰ পূৰ্বে ভাৰতৰ পৰা নিৰুদ্দেশ হৈছিল চিতা। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ কুনো বনাঞ্চলত মুঠ আঠটা নামিবিয়ান চিতা মুকলি কৰি দিয়ে। সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।

Exit mobile version