Donald Trump Bans Trans Athletes:‘ পুৰুষসকলৰ প্ৰৱেশ নিষেধ!’

%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0 %E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%B0 %E0%A6%AA%E0%A7%B0%E0%A6%BE %E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%87 %E0%A6%A8%E0%A6%BF%E0%A6%B7%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7 %E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%B2%E0%A7%87 %E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%9C%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BE%E0%A7%B0 1

Donald Trump Bans Trans Athletes:‘ পুৰুষসকলৰ প্ৰৱেশ নিষেধ!’

মহিলাৰ খেলৰ পৰা ট্রাম্পে নিষিদ্ধ কৰিলে ট্ৰেন্সজেণ্ডাৰ

এতিয়াৰ পৰা, ট্ৰেন্সজেণ্ডাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব নোৱাৰিব মহিলাৰ খেলত ! এইবাৰ এই কথা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ বুধবাৰে এই সন্দৰ্ভত এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে।

বুধবাৰে ট্ৰাম্পে হোৱাইট হাউচত নতুন কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছে । তেওঁৰ লগত আছিল কেবাজনো শিশু আৰু মহিলা খেলুৱৈ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ মাইক জনছন, কংগ্ৰেছী মহিলা মাৰ্জৰি গ্ৰীণ আৰু অন্যান্য শীৰ্ষ ৰিপাব্লিকান নেতাও উপস্থিত আছিল।

কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পাছত ট্ৰাম্পে বিজয়ৰ হাঁহি মাৰি কয়,”আজি মহিলাৰ ক্ৰীড়াৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধৰ অন্ত পৰিল!”

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত, ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে এতিয়াৰ পৰা, আমেৰিকাত চৰকাৰী পঞ্জীত দুটা লিংগ থাকিব: পুৰুষ আৰু মহিলা। তেওঁৰ সময়ত আন কোনো লিংগ পৰিচয় স্বীকৃত নহ’ব বুলিও তেওঁ জনাই !

এই বছৰৰ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত, ট্ৰাম্পে জনাইছিল যে তেওঁ শীঘ্ৰেই এই সন্দৰ্ভত এক কাৰ্যবাহী আদেশ জাৰী কৰিব। বিভিন্ন সূত্ৰৰ পৰাই জল্পনা-কল্পনা আৰম্ভ হৈছিল যে এতিয়াৰ পৰা পাছপ’ৰ্ট, ভিছা আৰু আন সকলো চৰকাৰী নথি-পত্ৰত উভয় লিংগ – পুৰুষ আৰু মহিলাৰ কথা উল্লেখ থাকিব।

এই নিৰ্দেশনা অনুসৰি চৰকাৰী নীতিত কেৱল শাৰীৰিক গাঁথনিৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ লিংগৰ কথাহে উল্লেখ কৰা হ’ব।

উল্লেখ্য যে , বুধবাৰে ট্ৰাম্পে কয়, “আমি ছোৱালীৰ ক্ৰীড়া পৰম্পৰা সুৰক্ষিত কৰিব বিচাৰো।আমি পুৰুষসকলক মহিলাসকলক প্ৰহাৰ বা আঘাত কৰিবলৈ নিদিওঁ। এতিয়াৰ পৰা, মহিলাৰ খেল কেৱল মহিলাসকলৰ বাবে। ”

লগতে ট্ৰাম্পে কয় যে, ২০২৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত অলিম্পিকৰ পূৰ্বে এই বিষয়টো আলোচনা কৰা হ’ব তেওঁ নিয়ম সলনি কৰিবলৈ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ’চি) ওপৰত হেঁচা প্ৰয়োগ কৰিব।

Exit mobile version