Uttar Pradesh এতিয়াৰ পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগৰ সুৰাৰ বটল

11 13

Uttar Pradesh

এতিয়াৰ পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগৰ সুৰাৰ বটল

সুৰাপায়ী সকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগ সুৰাৰ বটল । সুৰা আৰু ভাং বিক্ৰীৰ বাবেও আৰম্ভ কৰা হ’ব ই-লাইচেন্স ব্যৱস্থা।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ নতুন আবকাৰী নীতিত অনুমোদন জনাইছে। এই ব্যৱস্থাপনা অতি সোনকালে কাৰ্যকৰী কৰা হ’ব।

মূলতঃ বিষাক্ত সুৰাৰ বিক্ৰী বন্ধ কৰিবলৈ যোগী চৰকাৰে এই নতুন নীতি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তথ্য অনুসৰি,যোগীয়ে বুধবাৰে নিশা কেবিনেট বৈঠক আহ্বান কৰিছে। তাত ৰাজ্যখনৰ আবকাৰী আইনৰ সংস্কাৰৰ ওপৰত যথেষ্ট আলোচনা হয়।

বৈঠকৰ পাছতে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালে কয় যে এতিয়াৰ পৰা বজাৰত ৬০ মিলি (এক পেগ) আৰু ৯০ মিলি (ডেৰ পেগ) সুৰাৰ বটল উপলব্ধ হ’ব। ৯০ মিলি বিদেশী সুৰাৰ বটলও উপলব্ধ হ’ব। এতিয়াৰ পৰা কাঁচৰ বটলত আৰু পোৱা নাযাব দেশী সুৰা।

ইয়াক টেট্ৰা পেকত বিক্ৰী কৰা হ’ব। এইটো বাধ্যতামূলক। ভেজাল বা বিষাক্ত সুৰাৰ বিক্ৰী প্ৰতিহত কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ উপৰিও নীতিন আগৰৱালাই কয় যে যোৱা সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ সকলো দেশী-বিদেশী সুৰা আৰু সুৰাৰ দোকানক ই-লটাৰী ব্যৱস্থাৰ জৰিয়তে আবণ্টন দিয়া হ’ব।

নতুন নিয়ম অনুসৰি এজন আবেদনকাৰীয়ে মাত্ৰ এখন আবেদন প্ৰ-পত্ৰহে জমা দিব পাৰিব। ৰাজ্যজুৰি কোনো ব্যৱসায়ীয়ে দুখনতকৈ অধিক ভাং বা সুৰাৰ দোকান দিব নোৱাৰিব। বিদেশী সুৰা, বিয়েৰ, ৱাইন আদি খুচুৰা বিক্ৰীৰ বাবে মুকলি হ’ব এই দোকানখন।

নিৰ্ধাৰিত বিদেশী সুৰা আৰু বিয়েৰ বিক্ৰীৰ বাবে কোনো অতিৰিক্ত অনুজ্ঞাপত্ৰ মাচুল লোৱা নহ’ব।

Exit mobile version