‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !
প’লা হাৰ্ডৰ স’তে সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে কোটিপতি তথা মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে।প’লাক লৈ যে তেওঁ অতি ‘ ছিৰিয়াছ’ সেই কথাও তেওঁ জনাই ।
লগতে তেওঁ জনাই যে, পলাৰ স’তে তেঁওৰ সম্পৰ্কক অতি গুৰুত্বসহকাৰে বিচাৰ কৰিছে আৰু দুয়ো একেলগে সময় অতিবাহিত কৰিছে।
কিন্তু ছ’চিয়েল মিডিয়াই প’লাক ‘ৰহস্যময়’ বুলি টেগ দিছিল কাৰণ তেঁও কোন সেই উত্তৰ কোনো পোৱা নাই।
বিলে নিজে কয় যে,”মই ভাগ্যৱান যে প’লা মোৰ প্ৰেমিকা। মই সম্পৰ্কটোক যথেষ্ট গুৰুত্ব দিওঁ। আমি যথেষ্ট আনন্দ কৰিছো, অলিম্পিকলৈ গৈছো আৰু বহুতো। ’’
বিলৰ সদ্য প্ৰকাশিত আত্মজীৱনী ‘ছ’ৰ্চ কোড’তো প’লাৰ কথাও উল্লেখ আছে । বিলে ৰিপ’ৰ্ট জনাই যে তেওঁৰ কিতাপৰ পাণ্ডুলিপিৰ প্ৰধান পাঠক আছিল প’লা।
২০২৩ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল। মেলবৰ্ণত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেন চাবলৈ গৈছিল দুয়ো। মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকজনৰ ঠিক কাষতে প’লাৰ আসনখন আছিল।
খেলখনৰ পাছত, দুয়ো মেলবৰ্ণ চহৰত একেলগে খোজ কাঢ়িবলৈ ওলাইও গৈছিল। তেওঁলোকৰ একেলগে খোজ কঢ়াৰ ভঙ্গীয়ে গভীৰ বন্ধুত্বৰ বিষয়ে অৱগত কৰে ।
ইয়াক লৈ বহুত আলোচনাও হয়। তাৰ পাছত, বহুবাৰ দুয়োকে একেলগে দেখা যায় । প’লা বিলতকৈ সাত বছৰ সৰু। তেওঁৰ বয়স বৰ্তমান ৬২ বছৰ।
প’লা এটা প্ৰতিষ্ঠিত কোম্পানীৰ প্ৰযুক্তি সঞ্চালক আছিল, প’লা এতিয়া এগৰাকী অনুষ্ঠান পৰিকল্পনাকাৰী। তেওঁ বিভিন্ন কৰ্পোৰেট সংগঠনৰ অনুষ্ঠান আয়োজন কৰে।লগতে তেওঁ সামাজিক কামো কৰা দেখিবলৈ পোৱা যায় ।
বিলে ২০২১ চনত তেওঁৰ প্ৰাক্তন পত্নী মেলিণ্ডা গেটছৰ স’তে তেওঁৰ সম্পৰ্ক সমাপ্ত কৰে। ইফালে প’লাৱে ২০২১ চনত তেওঁৰ স্বামীক হেৰুৱাইছিল। প’লাৰ স্বামী মাৰ্ক হুণ্ড অৰেকলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আছিল। ২০২১ চনত মাৰ্কৰ মৃত্যু হয়।