মৰিগাঁৱৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় চৌহদত মন্ত্ৰী পীযুষ হাজৰিকাৰ আধাৰশিলা স্থাপন
মিনাৰেল মিক্সাৰ প্ৰস্তুত মজলীয়া উদ্যোগৰ প্ৰকল্প গৃহৰ আধাৰশিলা স্থাপন
:ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে মৰিগাঁও জিলাৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় চৌহদত মিনাৰেল মিক্সাৰ প্ৰস্তুত মজলীয়া উদ্যোগৰ প্ৰকল্প গৃহৰ আধাৰশিলা স্থাপন কৰে ৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কয় , অসমত গো-পালন আৰু দুগ্ধ উৎপাদনেৰে আৰ্থ-সামাজিক ক্ষেত্ৰখনলৈ সীতাজখলাই উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। ম মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে সীতাজখলাৰ দৰে প্ৰতিষ্ঠানসমূহৰ উত্তৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি মৰিগাঁও জিলাৰ ৰৌমাৰীস্থিত সীতাজখলা সমবায় চৌহদত মিনাৰেল মিক্সাৰ প্ৰস্তুত মজলীয়া উদ্যোগৰ প্ৰকল্প গৃহৰ আধাৰশিলা স্থাপনৰ পিছত অঞ্চলটোত উদ্যোগীকৰণত নতুন মাত্ৰা লাভ কৰিব ৷
মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অসম গাখীৰ, মাংস আৰু কণী অভিযান সমিতিৰ অধীনত পশু খাদ্য প্ৰস্তুতকৰণৰ এই পদক্ষেপ অতিকৈ গুৰুত্বপূৰ্ণ। সীতাজখলাৰ এই প্ৰকল্পটোৱে গো-পালকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰিব পাৰি ৷
অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মা , তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।