FEVER BLISTER জানি থওঁক জ্বৰশুঙৰ যন্ত্ৰণা উপশমৰ এইসমূহ উপায়

11 13

FEVER BLISTER জানি থওঁক জ্বৰশুঙৰ যন্ত্ৰণা উপশমৰ এইসমূহ উপায়

জ্বৰশুং অতি যন্ত্রণাদায়ক। সমগ্ৰ বছৰত বিশেষকৈ শীতত ওঁঠ বা নাকৰ কাষত জ্বৰশুং ওলায়। সচৰাচৰ জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে জ্বৰশুং দেখা যায়। জ্বৰশুং হ’লে যিদৰে মুখৰ সৌন্দৰ্য নষ্ট কৰে, সেইদৰে প্ৰচণ্ড যন্ত্রণাও দিয়ে। বিশেষজ্ঞৰ মতে, জ্বৰশুং সংক্রামক।

লগতে জ্বৰশুং উপশম হ’বলৈও সময় লাগে। বহুতে আকৌ কয় যে ভিটামিনৰ অভাৱতে জ্বৰশুং ওলায়। অৱশ্যে কাৰণ যিয়েই নহওক কিয়, জানি লওক এই বিৰক্তিকৰ তথা যন্ত্রণাদায়ক জ্বৰশুং দ্রুতগতিৰে নিৰাময়ৰ কিছু অব্যর্থ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে।

এণ্টি-ভাইৰেল উপাদান সমৃদ্ধ টি ট্রী অইল তুলাত লৈ জ্বৰঙত লগাব। দিনটোত কে’বাবাৰো লগাব আৰু ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰি জ্বৰশুং নিৰাময় কৰক।

এপল ছিডাৰ ভিনেগাৰ এখন সূতাৰ কাপোৰত তিয়াই জ্বৰশুঙৰ ওপৰত লগাব। দ্রুতগতিৰে উপকাৰ পাব।

নহৰু বটি লৈ পোনপটীয়াকৈ ক্ষতস্থানত দিনে কমেও দুই-তিনি বাৰ সানিব। ইয়াৰ জৰিয়তেও দ্রুতগতিৰে উপকাৰ পাব।

ক্ষতস্থানত এণ্টিমাইক্র’বিয়েল সমৃদ্ধ মৌ পাঁচৰ পৰা ১০ মিনিট পর্যন্ত সানি থ’ব। দিনে কমেও দুবাৰ এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব। জ্বৰশুং সোনকালে নিৰাময় হ’ব।

জ্বৰঙৰ দ্বাৰা আক্ৰান্ত স্থানত এণ্টিবায়’টিক ক্রিম সানিলেও দ্রুতগতিৰে নিৰাময় হ’ব।

এইবোৰ ঘৰুৱা পদ্ধতিৰে দ্ৰুতগতিৰে জ্বৰশুঙৰ পৰা পৰিত্ৰাণ পাব পাৰি। যন্ত্ৰণাও দূৰ হ’ব ততালিকে। কিন্তু মনত ৰাখিব, কোনো ক্ষেত্ৰতে যাতে জ্বৰশুঙে আক্ৰান্ত কৰা স্থানত নখ নলগায়।

Exit mobile version