PM Modi embarks on visits to Paris:দুদিনীয়া কাৰ্য্যসূচীৰে ফ্ৰান্সলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী, পেৰিছৰ পৰা উৰা মাৰিব আমেৰিকালৈ, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব মোদী

france

PM Modi embarks on visits to Paris:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পুৱা দুদিনীয়া কাৰ্য্যসূচীৰে ফ্ৰান্সলৈ ৰাওনা হয় ৷ সন্ধিয়া মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এ আই একচন সন্মিলনৰ সহ:অধ্যক্ষ হিচাপে এক বৈঠকত মিলিত হ’ব । এই বৈঠকতে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ বাবে ২০৪৭ চনৰ হৰাইজন ৰোডমেপৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে ৷

পেৰিছলৈ যোৱাৰ পূৰ্বে এক বিবৃতিত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,’মই এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী, য’ত আমি উদ্ভাৱন আৰু বৃহত্তৰ জনহিতৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক পদ্ধতিৰ ওপৰত সৰ্বাংগীন, সুৰক্ষিত আৰু বিশ্বাসযোগ্যভাৱে মতামত বিনিময় কৰিম |

উল্লেখ্য যে, পেৰিছত অনুষ্ঠিত এ আই একচন সন্মিলনত বহু কেইখন ৰাষ্ট্ৰৰ নেতা আৰু গ্ল’বেল টেক চিইঅ উপস্থিত থকাৰ কথা । প্ৰধানমন্ত্ৰী মোদী এআই একচন ছামিটত অংশ লৈ বুধবাৰে পেৰিছৰ পৰা উৰা মাৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰ অভিমুখে ৷

Exit mobile version