world’s most expensive cow এটা গৰুৰ দাম ৪৮ লাখ ডলাৰ, কাৰণ জানিলে আচৰিত হ’ব
গৰু, এই নামটো শুনিলেই প্রথমে মনলৈ আহে কৃষি। গৰু আন বহু কামত ব্যৱহাৰ কৰা হয়। গৰুৰ জাতৰ ওপৰত নিৰ্ভৰ কৰিও গৰুৰ দাম বেলেগ বেলেগ। কিন্তু যদি কোনো গৰু নিলামত এক নিযুত টকাত বিক্রী হয়, তেন্তে তাত নিশ্চয় কিবা এটা বিশেষ কথা আছে। অত্যন্ত গৰমতো অতি সহজে কাম কৰিব পৰা প্ৰাণী গৰু।
সেই দৃষ্টিকোণৰ পৰা বিশ্বৰ বিভিন্ন কৃষি প্রধান দেশত গৰুৰ ব্যৱহাৰ সৰ্বাধিক। জাপান, ভাৰতৰ দৰে দেশত গৰুৰ ব্যাপক ব্যৱহাৰ হয়। এই দুখন দেশত আজিও কৃষিক্ষেত্ৰত গৰুৰ ব্যাপক ব্যৱহাৰ হয়। শেহতীয়াকৈ ব্রাজিলত ৪৮ লাখ ডলাৰত এটা গৰু বিক্ৰী কৰা হৈছে। কিন্তু এই গৰুটো কিয় ইমান দামত বিক্ৰী হ’ল?
এই গৰুৰ নাম ১৯ ভিটানিয়া। এই গৰু ব্রাজিলৰ ইতিহাসৰ আটাইতকৈ দামী গৰু। ইয়াৰ ওজন ১১০১ কিলোগ্রাম। ইমান গধুৰ গৰু হোৱাৰ পাছতো এই গৰুটোৱে বহু কাম কৰিব পাৰে। এই গৰুটোৱে এতিয়া গিনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম অৰ্জন কৰিছে। ইয়াতেই শেষ নহয়, গৰুটোক মিছ ছাউথ আফ্রিকা হিচাপেও নির্বাচিত কৰা হৈছে। এই গৰুটো শাৰীৰিকভাবে অতি শক্তিশালী।