Accident মৰ্মান্তিক! ১১৫ ফুট ওপৰৰ পৰা খাৱৈত পৰিল বাছ , ৫৫ জন লোকৰ মৃত্যু !

IMG 20250211 WA0010

Accident মৰ্মান্তিক! ১১৫ ফুট ওপৰৰ পৰা খাৱৈত পৰিল বাছ , ৫৫ জন লোকৰ মৃত্যু !

মধ্য আমেৰিকাৰ সৰু দেশ গুৱেটামালাত এক ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ পৰা ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছখন। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। সোমবাৰে এই দুৰ্ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। দেশখনৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভায়োৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।

গুৱেটামালাৰ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া এডবিন বিলাগ্ৰানে জনোৱা মতে, বাছখন ৰাজধানীৰ উত্তৰ-পূবৰ প্ৰগেচোৰ পৰা আহি আছিল। গন্তব্য স্থান আছিল গুয়াতেমালা চিটি। বাটত, বাছখন দলংখনত দুৰ্ঘটনাত পতিত হয়।

কিবা কাৰণত পথটোত গাড়ীৰ সংঘৰ্ষ হয় যাৰ ফলত যাত্ৰী কঢ়িওৱা বাছখন দলঙৰ পৰা ১১৫ ফুট তলৰ খালত বাগৰি পৰে। ঘটনস্থলীত থিতাতে মৃত্যু হয় ৫৩ জন যাত্ৰী।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কেবাজনো লোকক চান জুয়ান ডি ডিঅ’ছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, যদিও চিকিৎসাৰ সময়ত দুজন লোকৰ মৃত্যু হয়।

অগ্নি নিৰ্বাপক বিভাগৰ বিষয়া অস্কাৰ চেঞ্চেজে জনাই যে মৃতসকলৰ ভিতৰত শিশুও আছিল।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱাৰ অনুসৰি ,বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই। সেই পৰিস্থিতিত, নিয়ন্ত্ৰণ হেৰুৱা বাছখনে কেবাখনো গাড়ীত খুন্দা মাৰে। ইয়াৰ পাছতে লোহাৰ ৰেলিং ভাঙি যোৱাৰ পাছত,বাছখন তলৰ এটা খালত পৰে ।

বাছখনৰ সন্মুখৰ অংশটো লেতেৰা পানীৰ খালত ডুব যায়। দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি দেশখনৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভায়োৱে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে। দেশত এদিনীয়া জাতীয় শোক কাৰ্যসূচী ঘোষণা কৰে। লগতে লিখিছে, “যিটো হ’ল সেয়া অতি দুখজনক ।” আহতসকলে যাতে উন্নত চিকিৎসা লাভ কৰে তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰিব।

Exit mobile version