প্ৰয়াগৰাজ মহাকুম্ভত অমৃত স্নান মুকেশ আম্বানীৰ পৰিয়ালৰ

11 34
প্ৰয়াগৰাজ মহাকুম্ভত অমৃত স্নান মুকেশ আম্বানীৰ পৰিয়ালৰ
প্ৰয়াগৰাজৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত অমৃত স্নান কৰিবলৈ উপস্থিত হ’ল মাতৃ, পুত্ৰ আৰু নাতি-নাতিনীৰ স’তে মুকেশ আম্বানী।

মাতৃ কোকিলাবেন, পুত্ৰ আকাশ আৰু অনন্ত, বোৱাৰী শ্লোকা আৰু ৰাধিকা, নাতি-নাতিনী পৃথ্বী আৰু বেদ, আৰু ভগ্নী দিপ্তি চালগাওকাৰ আৰু নীনা কোঠাৰীৰ স’তে প্ৰয়াগৰাজৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত অমৃত স্নান কৰে আম্বানীয়ে ।

ADVERTISEMENT

লগতে তেওঁলোকৰ স’তে উপস্থিত আছিল আম্বানীৰ শাহু পুনম্বেন দালাল আৰু ভগ্নী মমতাবেন দালাল ।

গংগা, যমুনা আৰু সৰস্বতীৰ পৱিত্ৰ সঙ্গমস্থলত আধ্যাত্মিক তীৰ্থযাত্ৰাত লাখ লাখ লোকৰ স’তে যোগদান কৰে আম্বানীসকলৰ চাৰিটা প্ৰজন্মই।

উল্লেখ্য যে,গংগা পূজা কৰাৰ পাছতে আম্বানীয়ে পৰমাৰ্থ নিকেতন আশ্ৰমৰ স্বামী চিদানন্দ সৰস্বতী মহাৰাজক সাক্ষাৎ কৰে।

আশ্ৰমত, আম্বানী পৰিয়ালে মিঠাই আৰু লাইফ জেকেট বিতৰণ কৰে ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে মহা কুম্ভ তীৰ্থযাত্ৰীসকলক ইয়াৰ ‘তীৰ্থ যাত্ৰী সেৱা’ৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে, যি হৈছে তীৰ্থযাত্ৰীসকলৰ প্ৰগতিৰ সুবিধা আৰু তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে এক সৰ্বাত্মক পদক্ষেপ ।

তথ্য অনুসৰি, ‘উই কেয়াৰ’ দ্বাৰা ৰিলায়েন্সে তীৰ্থযাত্ৰীসকলক বিভিন্ন সেৱা প্ৰদান কৰি আছে – পুষ্টিকৰ আহাৰ (আন্না সেৱা) আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ পৰা সুৰক্ষিত পৰিবহন আৰু বৰ্ধিত সংযোগলৈকে।

কোম্পানীৰ দ্বাৰা অন্যান্য সুবিধাজনক পদক্ষেপবোৰৰ ভিতৰত আছে চেক্ৰেড ৱাটাৰ্ছত সুৰক্ষা, আৰামদায়ক ৰেষ্ট জ’ন, ক্লিয়াৰ নেভিগেশ্বন, আৰু গাৰ্ডিয়েন্সক সমৰ্থন কৰা (প্ৰশাসন, লগতে আৰক্ষী আৰু জীৱন ৰক্ষী)।

Exit mobile version