81 Maoists killed : বছৰৰ ৪০ দিনত ধৰাশায়ী ৮১ মাওবাদী

ফলত চলিত বর্ষতে নিৰাপত্তা বাহিনীৰ হাতত ৮১ জন মাওবাদীয়ে প্ৰাণ হেৰুৱায়। তদুপৰি অভিযান কালত নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ আৰু বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হয়। নিৰাপত্তা বাহিনীয়ে চলিত বৰ্ষত মাওবাদীৰ ওপৰত যোৱা দেওবাৰেও এক বৃহৎ আঘাত হানে

maoists killed

81 Maoists killed : বছৰৰ ৪০ দিনত ধৰাশায়ী ৮১ মাওবাদী

বাঁও সন্ত্রাসবাদৰ বিৰুদ্ধে কেনেদৰে সফলতা অৰ্জন কৰিছে নিৰাপত্তা বাহিনীয়ে?

আগ্রাসী-সংঘবদ্ধ অভিযানেই সফলতাৰ চাবিকাঠী!

২০২৬ত নক্সালবাদ নির্মূলৰ লক্ষ্য

:কেন্দ্ৰীয় চৰকাৰে ২০২৬ৰ মাৰ্চৰ ভিতৰত দেশত নক্সালবাদ সমূলঞ্চে নিঃশেষ কৰাৰ যি লক্ষ্য ঘোষণা কৰিছে, সেই অনুসৰি নিৰাপত্তা বাহিনীয়ে চত্তিছগড়ৰ মাওবাদী অঞ্চলসমূহত অভিযান পানী নসৰকা কৰি তুলিছে। ফলস্বৰূপে নতুন বছৰৰ বিগত ৪০ দিনতকৈ কম সময়ত শীর্ষ নেতাসহ ৮১ জন মাওবাদী ধৰাশায়ী হৈছে। বাঁও সন্ত্রাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে লাভ কৰা এই সফলতাৰ কাৰণ একাংশই বিশ্লেষণ কৰিছে।

উচ্চস্তৰীয় সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, মাওবাদী বিৰোধী অভিযান নিখুঁত কৰাৰ পৰিকল্পনাৰে নিৰাপত্তা বাহিনীয়ে মাওবাদী অধ্যুষিত চত্তিছগড়ৰ বাস্তাৰ অঞ্চলৰ ঘন অৰণ্যত এক বৃহৎ সংখ্যক শিবিৰ স্থাপন কৰিছে। এই শিবিৰসমূহৰ মাজত আন্তঃসংযোগ আছে। এই শিবিৰসমূহ মূলতঃ মাওবাদী বিৰোধী অভিযানৰ বাবে স্থাপন কৰা হৈছে। নিৰাপত্তা বাহিনীৰ জ্যেষ্ঠ বিষয়াবর্গই বিবেচনা কৰে যে মাওবাদী বিৰোধী অভিযানত সফলতা অৰ্জনৰ অন্যতম মূল কাৰণ হৈছে ঘন অৰণ্যত স্থাপন কৰা এই শিবিৰসমূহ। এই শিবিৰসমূহক ভিত্তি কৰি নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান চলায়। ২০২৩ৰ অন্তিম সময়ৰ পৰা মাওবাদী বিৰোধী এই সংঘবদ্ধ অভিযান আৰম্ভ হৈছে।

ফলত চলিত বর্ষতে নিৰাপত্তা বাহিনীৰ হাতত ৮১ জন মাওবাদীয়ে প্ৰাণ হেৰুৱায়। তদুপৰি অভিযান কালত নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ আৰু বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হয়। নিৰাপত্তা বাহিনীয়ে চলিত বৰ্ষত মাওবাদীৰ ওপৰত যোৱা দেওবাৰেও এক বৃহৎ আঘাত হানে। উক্ত দিনা নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত চত্তিছগড় বিজাপুৰ জিলাৰ ইন্দ্ৰৱতী ৰাষ্ট্ৰীয় উদ্যানত ৩১ জন মাওবাদী নিহত হয়। এই খবৰ পাই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমত মাওবাদী বিৰোধী কেন্দ্ৰৰ স্থিতিৰ কথা দোহাৰে। তেওঁ কয় যে অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশৰ পৰা বাঁও সন্ত্রাসবাদ নিঃশেষ কৰা হ’ব। অৱশ্যে উক্ত অভিযানৰ সময়ত মাওবাদীৰ আক্ৰমণত দুজন নিৰাপত্তাৰক্ষীও নিহত হয়।

উল্লেখ্য যে ২০২৩ৰ ডিচেম্বৰত চত্তিছগড়ৰ মুখ্যমন্ত্রীৰূপে বিষ্ণু দেও ছাইয়ে দায়িত্ব গ্রহণ কৰাৰ পাছৰ পৰা ৰাজ্যখনত মাওবাদী বিৰোধী অভিযান প্রবল হৈছে। যোৱা বছৰ সংঘৰ্ষত ২১৯ জন মাওবাদী নিহত হয়।

আনহাতে, মাওবাদী বিৰোধী অভিযানত নিৰাপত্তাৰক্ষীয়ে লাভ কৰা সফলতা সম্পৰ্কত চত্তিছগড় আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান (নক্সাল অভিযান) আৰ কে দ্বিজে সংবাদ মাধ্যমৰ আগত কয়, ‘এই সফলতা লাভৰ বাবে প্রথমে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ একে ৰাজনৈতিক সদিচ্ছাৰ কথা উল্লেখ কৰিব লাগিব। এই ৰাজনৈতিক সদিচ্ছাই নিৰাপত্তা বাহিনীসমূহক আগ্রাসীভাবে অগ্ৰসৰ হোৱাত সহায় কৰিছে।

মাওবাদীৰ নিৰাপদ বিচৰণস্থলীৰূপে খ্যাত আবুঝমাদ (গোৱাতকৈয়ে ডাঙৰ এক অ-জৰীপকৃত অঞ্চল) আৰু দক্ষিণ বাস্তাৰত নিৰাপত্তা বাহিনীৰ উপস্থিতিৰ শূন্যতা এনে চৰকাৰী সদিচ্ছাই দূৰ কৰিছে। নিৰাপত্তা বাহিনীসমূহে এই অঞ্চলসমূহত অভিযানৰ বাবে শিবিৰ (ফৰৱাৰ্ড কেম্প) স্থাপন কৰিছে। এনে শিবিৰসমূহে মাওবাদীৰ চাল-চলনত প্রতিবন্ধকতা আৰোপ কৰাই নহয়, বৃহৎ অভিযান চলোৱাত সহায় কৰিছে।’

শীর্ষ আৰক্ষী বিষয়াজনে লগতে কয় যে এনে শিবিৰৰ পৰা স্থানীয় গাঁওবাসীক নিয়াদ নেলানা আঁচনিৰ অধীনত (জীৱন ধাৰণৰ প্রয়োজনীয়) প্রাথমিক সা-সুবিধা প্রদান কৰি থকা হৈছে। নিৰাপত্তা বাহিনীৰ এনে কাৰ্যই স্থানীয় বাসিন্দাসকললৈ এক ইতিবাচক বার্তা প্ৰেৰণ কৰিছে বুলি দ্বিজে কয়।

শেহতীয়া কিছু মাহত এই মাওবাদী অধ্যুষিত অঞ্চলসমূহত নিৰাপত্তা বাহিনীৰ এনে শিবিৰৰ সংখ্যা বৃহৎ হাৰত বৃদ্ধি পাইছে। নিৰাপত্তা বাহিনীৰ এনে শিবিৰসমূহে জংঘলৰ গভীৰতাত পথ নির্মাণ আৰু ম’বাইল ফোনৰ টাৱাৰ স্থাপনত সহায় কৰিছে। ফলস্বৰূপে বিগত চাৰি দশকতকৈও অধিক কাল মাওবাদীৰ করলত থকা এই অঞ্চলসমূহত নিৰাপত্তাৰ শূন্যতা দূৰ কৰিছে। নিৰাপত্তা বাহিনীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ বিগত দিনকেইটাতে বাস্তাৰ সংমণ্ডলৰ নাৰায়ণপুৰ আৰু বিজাপুৰ জিলাত এনে চাৰিটা আৰক্ষী শিবিৰ স্থাপন কৰা হয়। আনহাতে, চৰকাৰী তথ্য অনুসৰি, ২০১৯ৰ পৰা ২০২৪ৰ ভিতৰত বাস্তাৰ অঞ্চলত এনে এশটা আৰক্ষী শিবিৰ স্থাপন কৰা হয়।

ইয়াৰে ৩০টা শিবিৰ যোৱা বছৰ স্থাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে গ্ৰেপ্তাৰ হোৱা আৰু আত্মগোপন কৰা মাওবাদীৰ সংখ্যাও বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি, ২০২৩ত ৪২৮ জন মাওবাদীক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। এই সংখ্যা যোৱা বছৰ ৮৩৭লৈ বৃদ্ধি পায়। একেদৰে ২০২৩৩ ৩৯৮ জন মাওবাদীয়ে আত্মসমর্পণ কৰাৰ বিপৰীতে ২০২৪ত আত্মসমর্পণ কৰা মাওবাদীৰ ৮০২লৈ বৃদ্ধি পায়।

গ্রেপ্তাৰ হোৱা আৰু আত্মসমর্পণকাৰী মাওবাদীসকলে নিৰাপত্তা বাহিনীক মাওবাদী অভিযানত সহায় কৰা বুলি সদৰী কৰি এক সূত্রই কয়, ‘এই গ্ৰেপ্তাৰ হোৱা আৰু আত্মসমর্পণকাৰী মাওবাদীসকলে মাওবাদীসকলৰ চলন-ফুৰণ আৰু গাঁওসমূহৰ সক্ৰিয় মাওবাদীক চিনাক্তকৰণত প্রভূত চোৰাংচোৱাৰ তথ্য যোগান ধৰি আহিছে।’

ইপিনে, মাওবাদী বিৰোধী অভিযানৰ সফলতা সম্পৰ্কত চত্তিছগড় আৰক্ষীৰ বাস্তাৰ মণ্ডলৰ মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে সংবাদ মাধ্যমক কয়, ‘যোৱা বছৰৰ দৰে আমি আন্তঃজিলা আৰু কে’বাটাও বাহিনীৰে যৌথ অভিযান অব্যাহত ৰাখিছো। আমাৰ সকলো অভিযানকাৰী দল ডিআৰজি, এছটিএফ, বাস্তাৰ ফাইটাৰ, আইটিবিপি, এছএছবি আদিৰে গঠিত। শেহতীয়াভাৱে অধিক নিৰাপত্তা বাহিনী নিয়োজিত কৰাত নিৰাপত্তাহীনতা দূৰ হৈছে আৰু পূৰ্বৰ মাও ঘাটিসমূহত অভিযান সক্ষম কৰি তুলিছে। নিৰাপত্তা বাহিনীসমূহৰ মাজৰ সমন্বয় স্থাপনে এতিয়াৰ অভিযানক পূৰ্বৰ অভিযানসমূহৰ পৰা পৃথক কৰিছে। এতিয়াৰ অভিযান উন্নত হৈছে। আমি পূৰ্বৰ অভিজ্ঞতাসমূহৰ পৰা বহু কথা শিকিছো ৷

Exit mobile version