Gomata: গৰুক ‘ৰাষ্ট্ৰমাতা’ ঘোষণা কৰা হওঁক!
মোডী চৰকাৰক ৩৩ দিনৰ সময় সীমা শংকৰাচাৰ্যৰ
গৰুক ‘ৰাষ্ট্ৰমাতা’ বুলি ঘোষণা কৰা হওঁক। এই দাবী জনাই মোডী চৰকাৰক চৰম সময়সীমা দিলে উত্তৰাখণ্ডৰ শংকৰাচাৰ্য স্বামী অভিমুকতেশ্বৰানন্দ সৰস্বতীয়ে । অহা ১৭ মাৰ্চৰ ভিতৰত অৰ্থাৎ ৩৩ দিনৰ ভিতৰত যদি চৰকাৰে এই কথা ঘোষণা নকৰে, তেন্তে তেওঁ বৃহৎ আন্দোলনৰ সতৰ্কবাণী দিছে।।
হিন্দু সংগঠনসমূহে দীৰ্ঘদিন ধৰি গৰুক ‘ৰাষ্ট্ৰ মাতা’ ঘোষণা কৰিবলৈ দাবী জনাই আহিছে। অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে এই দাবীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাই। যাৰ বাবে মঙলবাৰে শংকৰাচাৰ্যই সংবাদমেল অনুষ্ঠিত কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে।
মোডী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় ,”অহা ১৭ মাৰ্চলৈকে কেন্দ্ৰক সময় দিছো।
এই সময়সীমাৰ ভিতৰত গোমাতাক ৰাষ্ট্ৰমাতা হিচাবে ঘোষণা কৰিব লাগিব কেন্দ্ৰ চৰকাৰে । যদি তেনে নহয় তেনেহ’লে দিল্লীৰ ৰামলীলা ময়দানত পুৱা সাত বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ দিল্লীৰ গৌ প্ৰতিষ্ঠক নিৰ্ণায়ক দিৱস অনুষ্ঠিত হ’ব। তাৰ পৰাই আমি এই দাবীত আন্দোলন আৰম্ভ কৰিম। পৰৱৰ্তী কৌশল ইয়াৰ পৰাই সিদ্ধান্ত লোৱা হ’ব।”
এই দাবীৰ বাবে শংকৰাচাৰ্য অভিমুকতে শ্বৰানন্দ সৰস্বতীয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে।
২০২৩ চনৰ ২০ নৱেম্বৰত গোপাল মণিৰ নামৰ এটা ধৰ্মীয় সংগঠনৰ উদ্যোগত ‘গো-ক্ৰান্তি মঞ্চ’ৰ আয়োজন কৰা হয়। চাৰিজন শংকৰাচাৰ্য পীঠৰ সহযোগত তাতেই এই আন্দোলন আৰম্ভ হৈছিল।