Adultery:পৰপুৰুষৰ স’তে শাৰীৰিক সম্পর্ক অবিহনে প্ৰেম পৰকীয়া নহয়: মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়

madhya pradesh

Adultery:

ভালপোৱা বা প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে। কিন্তু শাৰীৰিক সম্পৰ্ক নোহোৱা পয্যৰ্ন্ত পৰপুৰুষৰ স’তে প্ৰেমক পৰকীয়া হিচাপে গণ্য কৰা নহ’ব। এক গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ উল্লেখযোগ্য পৰ্যবেক্ষণ। মধ্যপ্ৰদেশৰ এজন লোকে পত্নীক জীৱিকাৰ ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে। ব্যক্তিজনে দাবী কৰে যে তেওঁৰ পত্নী আন এজন পুৰুষৰ স’তে সম্পৰ্কত আছে।

ADVERTISEMENT

সেয়ে তেওঁ খৰচ বহনৰ যোগ্য নহয়। পৰিয়াল আদালতে লোকজনৰ পত্নীক মাহিলী চাৰি হেজাৰ টকাৰ ভৰণ-পোষণৰ বাবে নিৰ্দেশ দিয়ে। স্বামীয়ে উচ্চ ন্যায়ালয়ত আদেশটোক প্ৰত্যাহ্বান জনাই। তেওঁ স্পষ্টকৈ কয় যে তেওঁৰ পত্নীয়ে পৰকীয়া সম্পৰ্ক স্থাপন কৰিছে, সেয়েহে তেওঁৰ ভৰণ পোষণৰ টকা পোৱাৰ অধিকাৰ নাই ।

আবেদনখন খাৰিজ কৰি ন্যায়াধীশ জি এছ আহলুৱালিয়াই কয় যে ভাৰতীয় নাগৰিক সুৰক্ষা বিধিৰ ধাৰা ১৪৪ (৫) আৰু ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা ১২৫ (৪)ত কোৱা হৈছে যে যদি এজন ব্যক্তি পৰকীয়া প্ৰেমত লিপ্ত থাকে, তেন্তে তেওঁক ৰক্ষণাবেক্ষণৰ ব্যয় পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিব পাৰি।

কিন্তু এই ক্ষেত্ৰত, মহিলা গৰাকীৰ সম্পৰ্কক পৰকীয়া বুলি ক’ব নোৱাৰি। কিয়নো শাৰীৰিক সম্পৰ্ক অবিহনে কেৱল প্ৰেমৰ সম্পৰ্কক কোনোভাৱে পৰকীয়া বুলি ক’ব নোৱাৰি।

Exit mobile version