PM Modi প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে উপচালে আমেৰিকাৰ সংবাদ মাধ্যমে

11 43

PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে উপচালে আমেৰিকাৰ সংবাদ মাধ্যমে

দুদিনীয়া কাৰ্যসুচীৰে আমেৰিকাত উপস্থিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে। হোৱাইট হাউচত দুয়োৰে হোৱা বৈঠকৰ পাছত ট্ৰাম্পে প্ৰশংসা কৰে তেওঁৰ ঘনিষ্ঠ বন্ধু মোডীক ।

উল্লেখ্য যে, এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমসমূহেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে উপচাই পেলাইছে ।তেওঁলোকে দাবী কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স’তে মন্ত্ৰী গৰাকীয়ে যি ধৰণৰ আলোচনা কৰিছে তাৰ পৰা বিশ্বৰ আন নেতাসকলে শিকিব লাগে।

চিএনএনৰ প্ৰবীণ সাংবাদিক উইল ৰিপলিয়ে কয়, “আমি ড’নাল্ড ট্ৰাম্প আৰু জাপানৰ প্ৰধানমন্ত্ৰী ইশিবাৰ মাজত অতি ইতিবাচক বৈঠক দেখিছো। একেদৰে, মই প্ৰধানমন্ত্ৰী মোডীক এক ইতিবাচক বৈঠক তৈয়াৰ কৰা দেখিছিলো। এইটো বিশ্বৰ আন নেতাসকলৰ বাবে এটা “মাষ্টাৰক্লাছ”। ইয়াক চাই, তেওঁলোকে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স’তে কেনেদৰে মীমাংসা কৰিব লাগে বুজিব পাৰে। ”

এক্স হেণ্ডেলতো তেওঁ লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথাটো বুজি পাইছে। কিন্তু ইয়াতকৈও বেয়া হ’ব পাৰিলেহেঁতেন। ৱাশ্বিংটন ডিচিত থকাৰ সময়তে ট্ৰাম্পে এই শুল্ক ঘোষণা কৰিছে। এই বাণিজ্যিক সংঘাতৰ সময়ত দুয়োপক্ষই সম্ভাৱ্য বাণিজ্যিক চুক্তি, শক্তি,সামৰিক বিষয়ত তেওঁ ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিছে। “

Exit mobile version