Fire Breaks Out in Kumbh কুম্ভত পুনৰ অগ্নিকাণ্ড , জ্বলিল ইটোৰ পাছত সিটো তম্বু

IMG 20250215 WA0256

Fire Breaks Out in Kumbh

কুম্ভত পুনৰ অগ্নিকাণ্ড , জ্বলিল ইটোৰ পাছত সিটো তম্বু

 

মহাকুম্ভত পুনৰ অগ্নিকাণ্ড । শনিবাৰে আবেলি প্ৰয়াগৰাজৰ মেলা চৌহদত চেক্টৰ ১৮ আৰু ১৯ত পুনৰ সংঘটিত হয় অগ্নিকাণ্ড । ঘটনাস্থলীত কেবাটাও তম্বু জ্বলি চাই হয় ।

উল্লেখ্য যে, জুই দেখি আতংকিত হৈ দৌৰিবলৈ আৰম্ভ কৰে তীৰ্থযাত্ৰীসকল। ঘটনাস্থলীলৈ কেবাটাও অগ্নি নিৰ্বাপক ইঞ্জিন ততাতৈয়াকৈ উপস্থিত হয়।

অৱশেষত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তথ্য অনুসৰি,ঘটনাটোত কোনো লোক আহত হোৱা নাই।

প্ৰশাসনৰ মতে, শনিবাৰে আবেলি মেলাৰ সেই অংশত জুই লাগে। ফলত কেবাটাও তম্বু জ্বলি যায় । ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) দলবোৰ অগ্নি নিৰ্বাপক বাহিনীৰ স’তে ঘটনাস্থলীত উপস্থিত হয়।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, সেই সময়ত তম্বুত কোনো ভক্ত উপস্থিত নাছিল। কিন্তু তাত তেঁওলোকৰ সামগ্ৰী আছিল। সেইসকলো বোৰ জ্বলাই চাই হয়।

উল্লেখযোগ্য যে,যোৱা সপ্তাহত মেলাৰ চেক্টৰ ১৮ ত জুই লাগে। শংকৰাচাৰ্য মাৰ্গৰ হৰিহৰণ শিবিৰত প্ৰায় ২০ টা তম্বু জুইত ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে। ঘটনাটোত কোনো লোক আহত হোৱা নাই।

ইয়াৰ উপৰিও ১৯ জানুৱাৰীত কুম্ভ মেলাৰ চেক্টৰ ১৯ ত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছত অগ্নিকাণ্ড সংঘটিত হয় । আনহাতে জানুৱাৰী ২৫ তাৰিখেও, কুম্ভৰ চেক্টৰ ২-ত আন এটা অগ্নিকাণ্ড সংঘটিত হয় ।

২৫ জানুৱাৰীত কুম্ভৰ চেক্টৰ ২ ত ৰখাই থোৱা দুখন বাহনতো আন এটা অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে দুয়োটা অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই। প্ৰসংগত,বাৰে বাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত প্ৰশাসনে প্ৰশ্নৰ সন্মুখীন হৈছে।

Exit mobile version