New India Cooperative BankR
BI- নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংকত ১২২ কোটি টকাৰ জালিয়াতি!
গ্ৰেপ্তাৰ সমবায় বেংকৰ মেনেজাৰ
১২২ কোটি টকাৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ মুম্বাইস্থিত নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংকৰ মেনেজাৰ । তেওঁ দায়িত্বত থাকোতে গোৰেগাঁও আৰু দাদৰ শাখাৰ পৰা বৃহৎ পৰিমাণটো আত্মসাৎ কৰাৰ অভিযোগ।
অভিযুক্ত মেনেজাৰ হিতেশ প্ৰবীণ মেহতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
বিগত ১৩ ফেব্ৰুৱাৰীত, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে মুম্বাইস্থিত নিউ ইণ্ডিয়া সমবায় বেংকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।
জনোৱা হৈছে যে ইয়াত কোনেও কোনো লেনদেন কৰিব নোৱাৰে। ঘটনাটোৱে গ্ৰাহকসকলৰ মাজত আতংকৰ সৃষ্টি কৰে। ইয়াৰ পাছত, শনিবাৰে এই বেংকত বৃহৎ ধনৰ জালিয়াতিৰ অভিযোগ পোহৰলৈ আহে।
তথ্য অনুসৰি,হিতেশ প্ৰবীণ মেহতা নামৰ জেনেৰেল মেনেজাৰে এই বৃহৎ পৰিমাণটো আত্মসাৎ কৰিছে ।অনুসন্ধানকাৰীসকলে সন্দেহ কৰিছে যে হিতেশৰ স’তে, ঘটনাটোত আন এজন ব্যক্তিও জড়িত আছে।
অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩১৬ (৫) আৰু ৬১ (২) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, কেলেংকাৰীটো ২০২০ ৰ পৰা ২০২৫ চনৰ ভিতৰত সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে। অৰ্থনৈতিক অপৰাধ শাখাক (ই.ও.ডব্লিউ.) কেলেংকাৰীটোৰ তদন্ত কৰিবলৈ কোৱা হৈছে।
অনুসন্ধানকাৰীসকলে বেংকে সুৰক্ষা নীতি উলংঘা কৰিছে নেকি সেয়াও বিচাৰি আছে। যোৱা দুবছৰধৰি বেংকৰ বিত্তীয় বিৱৰণো ৰাজহুৱা কৰা হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে বেংকটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। য’ত কোৱা হয় যে কোনেও এই বেংকত টকা উলিয়াব বা জমা কৰিব নোৱাৰে। গ্ৰাহকসকলক কোনো নতুন ঋণ দিব নোৱাৰিব।
শীৰ্ষ বেঙ্কৰ এই নিষেধাজ্ঞাৰ পাছত, গ্ৰাহকসকলৰ মাজত স্বাভাৱিকতে আতংক বিয়পি পৰে। গোচৰটোৰ সন্দৰ্ভত বেংকৰ প্ৰাক্তন মেনেজাৰজনক গ্ৰেপ্তাৰ কৰা হৈছে।