Chief Minister in Prayagraj:মহাকুম্ভৰ ত্ৰিবেণী সংগমত সপৰিয়ালে স্নান মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

পৰিয়ালৰ সৈতে গংগাত স্নান মুখ্যমন্ত্ৰী গৰাকী ,   ২৬ ফেব্ৰুৱাৰীৰ অন্ত পৰিব মহাকুম্ভ মেলা 

hbs%40ganga

Chief Minister in Prayagraj:

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহা কুম্ভমেলাত শুক্ৰবাৰে সপৰিয়ালে উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শর্মা।ত্ৰিবেণী সংগমত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শর্মা আৰু কন্যা সুকন্যা শৰ্মাই স্নান কৰে ।

পুণ্যস্নানৰ সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে মহাকুম্ভৰ জীৱন সমৃদ্ধ সময় বুলি অভিহিত কৰে। তেওঁ কয়, ‘প্ৰয়াগৰাজত পৰিয়ালসহ ত্ৰিবেণী সংগমত আজি স্নান কৰাৰ অপাৰ সৌভাগ্য লাভ কৰিলোঁ৷’

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই পুণ্যস্নানৰ দৰে পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজকে ধন্য মানে ৷ তেওঁ মহাকুম্ভ সুন্দৰ ব্যৱস্থাপনাৰ বাবেউত্তৰ প্ৰদেশ চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

Exit mobile version