Dibrugarh Congress Protest:সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড়ত

জিলা কংগ্ৰেছৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী

dibrugarh 1

Dibrugarh Congress Protest:

সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্রমণৰ স’তে জড়িতক শীঘ্রে গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণক গৰিহনা দি ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি মেহ্দী আলম বৰা, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দেৱ ৰঞ্জন গগৈ, এ পি চি চিৰ মুখপাত্ৰ নীলনেত্ৰ নেওগ, বিজিত সন্দিকৈ, জিলা মহিলা কংগ্ৰেছৰ সভাপতি কবিতা কোঁৱৰ, টিংখং ব্লক কংগ্ৰেছৰ সভাপতি সুজিত লিগিৰা, ডিব্ৰুগড় ব্লক কংগ্ৰেছৰ সভাপতি জিতেন বৰুৱা, সংখ্যালঘু বিভাগৰ অধ্যক্ষ ফিৰোজ হুছেইন, জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, পৰাণজ্যোতি গগৈ, বিতোপন বৰাইক, কৰ্ণ বাহাদুৰ চেত্ৰী আৰু বহু জেষ্ঠ্য নেতাই ।

Exit mobile version