Sonia Gandhi:
পুনৰ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক । তথ্য অনুসৰি প্ৰবীণ কংগ্ৰেছ নেতাজনক বৃহস্পতিবাৰে পুৱা দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
তেওঁ বৰ্তমান চিকিৎসকসকলৰ পৰ্যবেক্ষণত আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ। আজি তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ব। অৱশ্যে, তেওঁৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ সঠিক কাৰণ এতিয়াও জনা হোৱা নাই।উল্লেখ্য যে,২০১১ চনৰ আগষ্ট মাহত তেওঁৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰ কৰা হয়। ইয়াৰ পাছত ২০২২ চনত তেওঁ দুবাৰকৈ ক’ৰ’নাত আক্ৰান্ত হয়।