Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ’ বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন

mahakumbh 1

Maha Kumbh Bathing:

গুজৰাট আৰক্ষীয়ে প্ৰয়াগৰাজৰ কুম্ভ মেলাত মহিলাসকলে পবিত্ৰ স্নান কৰা আৰু কাপোৰ সলনি কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি,তেওঁলোকৰ দুজনক মহাৰাষ্ট্ৰৰ পৰা আৰু এজনক প্ৰয়াগৰাজৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত এজন ইউটিউবাৰও আছে।

তেওঁ বিৰুদ্ধে পূৰ্বতেও চিকিৎসালয়ত মহিলা ৰোগীৰ পৰীক্ষাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল । উত্তৰ প্ৰদেশ আৰক্ষীৰ এক গোপন সূত্ৰৰ ভিত্তিত মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা প্ৰজ্জবাল টাইলি আৰু চাংলিৰ পৰা প্ৰজ পাটিল দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ জেৰাৰ পৰা পোৱা তথ্য অনুসৰি শুকুৰবাৰে প্ৰয়াগৰাজৰ চন্দ্ৰপ্ৰকাশ ফুলচান্দ নামৰ ইউটিউবাৰজনক গ্ৰেপ্তাৰ কৰা হয় বুলি জনাইছে আৰক্ষী উপায়ুক্ত (চাইবাৰ অপৰাধ বিভাগ) লাভিনা সিঙে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ১৭ ফেব্ৰুৱাৰীত প্ৰথম এজাহাৰ দাখিল কৰা হৈছিল। এটা ইনষ্টাগ্ৰাম একাউণ্টত মহিলাসকলে গা ধুই থকা ভিডিঅ’ আপলোড কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰ পাছত বুধবাৰে আন এক এজাহাৰ দাখিল কৰা হয়। এটা টেলিগ্ৰাম একাউণ্টে মহিলাসকলক গা ধোৱাৰ ভিডিঅ’ বিক্ৰী কৰিছিল বুলি অভিযোগ কৰা হৈছে। অভিযোগৰ ভিত্তিত, উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰথমতে দুটা একাউণ্ট চিনাক্ত কৰে। গুজৰাট আৰক্ষীয়ে জনোৱা মতে, চন্দ্ৰপ্ৰকাশৰ ইউটিউব চেনেলৰ লগতে আন কেবাটাও ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে মহিলাৰ গা ধোৱাৰ দৃশ্য প্ৰচাৰ কৰাৰ অভিযোগত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Exit mobile version